মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাক বিশ্বমানৰ আধ্যাত্মিক আৰু পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ বাবে ৰাজ্য চৰকাৰে অভিলাষী প্রকল্প হিচাপে গ্ৰহণ কৰা বটদ্ৰৱা সাংস্কৃতিক প্রকল্প অহা ২৯ ডিচেম্বৰত উদ্বোধন কৰা হ’ব। ৰাজ্য চৰকাৰে দখলমুক্ত কৰা ১৬২ বিঘা ভূমিত ২১৭ কোটি টকা ব্যয়ৰে এই প্ৰকল্প আটক ধুনীয়াকৈ নিৰ্মাণ কৰা হৈছে। ইয়াক বিশ্বৰ উচ্চতম গুৰু আসন, সত্ৰীয়া সংস্কৃতিৰ প্ৰতিফলিত কৰা বিভিন্ন কাৰুকাৰ্যসূচীত অতিথিগৃহ, দেৱবাদ্য তালৰ আৰ্হিত কলাকেন্দ্ৰ, খোলৰ আৰ্হিত গৱেষণা কেন্দ্ৰ, নাৱৰ আৰ্হিত কৌশল বিকাশ কেন্দ্ৰ আৰু জাপিৰ আৰ্হিত নাট ঘৰকে ধৰি বিভিন্ন সমলেৰে সমৃদ্ধ কৰা হৈছে। নির্মীয়মান এই প্রকল্পস্থলী কালি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই পৰিদৰ্শন কৰে। তেওঁ লগতে অহা ২৯ ডিচেম্বৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে উদ্বোধন কৰিবলগীয়া বটদ্ৰৱা সাংস্কৃতিক প্রকল্পস্থলীও পৰিদৰ্শন কৰে। মুখ্যমন্ত্রীয়ে সংশ্লিষ্ট সকলক এই প্ৰকল্পৰ চূড়ান্ত পৰ্যায়ৰ কাম নিয়াৰিকৈ আৰু শীঘ্ৰে কৰিবলৈ নিৰ্দেশ দিয়ে। মুখ্যমন্ত্ৰীয়ে প্ৰকল্পস্থলী পৰিদৰ্শনৰ পাছত সাংবাদিকৰ আগত কয়, যে গুৰুজনাৰ স্মৃতি বিজড়িত এই স্থানৰ পৱিত্ৰতা আৰু গৌৰৱক পুনৰুদ্ধাৰ কৰাৰ বাবে সকলো প্ৰচেষ্টা গ্রহণ কৰা হৈছে। নিৰ্মাণকাৰ্য প্ৰায় সম্পূৰ্ণ হৈ উঠা প্ৰকল্পটো উদ্বোধন কৰি গৃহমন্ত্ৰীগৰাকীয়ে এখন বিশাল ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। উল্লেখযোগ্য যে, কেন্দ্রীয় গৃহমন্ত্ৰীগৰাকীয়ে ২০২১ চনৰ ২৫ ফেব্ৰুৱাৰীত প্ৰকল্পটোৰ আধাৰশিলা স্থাপন কৰিছিল ৷
Site Admin | December 23, 2025 11:42 AM | Batadrawa Cultural Complex
অহা ২৯ ডিচেম্বৰত গৃহমন্ত্ৰী অমিত শ্বাহে উদ্বোধন কৰিব বটদ্ৰৱা সাংস্কৃতিক প্রকল্প; মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকল্পস্থলী পৰিদৰ্শন