বৰপেটাত ‘সম্পূর্ণতা অভিযান’ৰ অধীনত বিশেষ কাৰ্যসূচীৰ শুভাৰম্ভ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ

নিটি আয়োগৰ উদ্যোগত আৰম্ভ কৰা সম্পূর্ণতা অভিযানৰ অধীনত আজি বৰপেটা জিলাতো বিশেষ কাৰ্যসূচী হাতত লোৱা হৈছে। মন্দিয়া উন্নয়ন খণ্ডৰ লগতে সামগ্ৰিকভাৱে জিলাখনতে চলিবলগীয়া এই অভিযানৰ আজি শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে শুভাৰম্ভ কৰে। এই উপলক্ষে বৰপেটা জিলা পুথিভঁড়াল প্রেক্ষাগৃহত আয়োজিত এটা অনুষ্ঠানত উপস্থিত থাকি মন্ত্ৰীগৰাকীয়ে কয় যে, ৬ টা নির্দিষ্ট লক্ষ্য পূৰণৰ বাবে জিলাখনৰ মন্দিয়া উন্নয়ন খণ্ডত সম্পূর্ণতা অভিযানৰ কাৰ্যসূচীসমূহ হাতত লোৱা হৈছে। প্ৰসূতি মাতৃৰ পঞ্জীয়ন, বিদ্যালয়ত বিদ্যুৎ সংযোগ, বিনামূলীয়া পাঠ্যপুথি বিতৰণ, শিশুৰ টীকাকৰণ, ডায়েবেটিচ আৰু উচ্চ ৰক্তচাপত আক্ৰান্ত প্রতিজন লোকৰ স্বাস্থ্য পৰীক্ষাৰ লগতে মহিলা আত্মসহায়ক গোটসমূহৰ সৱলীকৰণৰ বাবে এই অভিযানৰ অধীনত কাৰ্যসূচী হাতত লোৱা হৈছে। মন্ত্ৰীগৰাকীয়ে সম্পূর্ণতা অভিযানৰ কাৰ্যসূচীসমূহৰ ৰূপায়ণৰ দ্বাৰা মন্দিয়া উন্নয়ন খণ্ডৰ লগতে জিলাখনৰ অন্যান্য অঞ্চলসমূহত প্রভূত উন্নয়ন হ’ব বুলি আশা প্রকাশ কৰে। আজিৰ অনুষ্ঠানটোত বৰপেটা জিলাৰ আয়ুক্তকে ধৰি জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়া, কৰ্মচাৰী, আশাকর্মী তথা অংগনৱাড়ী কর্মীসকল উপস্থিত থাকে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।