ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

অসম আন্দোলনৰ অগ্ৰণী নেতা তথা বৰপেটা পৌৰ সভাৰ প্ৰাক্তন পৌৰপতি মুকুল দাসৰ মৃত্যু

অসম আন্দোলনৰ অগ্ৰণী নেতা তথা বৰপেটা পৌৰ সভাৰ প্ৰাক্তন পৌৰপতি মুকুল দাসৰ কালি নিশা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু হয়। দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা দাসৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৬৫ বছৰ। অসম আন্দোলনৰ সময়ত আৰক্ষীৰ দ্বাৰা নিৰ্যাতিত হৈ ঘূণীয়া হোৱা দাসে পৰৱৰ্তী সময়ত সামাজিক আৰু ৰাজনৈতিক ক্ষেত্ৰখনত সক্রিয় ভূমিকা লৈ আহিছিল। বৰপেটা চহৰৰ পালাংদিহাটীৰ বাসিন্দা দাসে সদৌ অসম ছাত্ৰ সন্থা ত্যাগ কৰাৰ পাছত অসম গণ পৰিষদ দলত যোগদান কৰিছিল।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।