বৰপেটাত অনুষ্ঠিত জে কে বৰুৱা আন্তঃজিলা ক্রিকেট প্রতিযোগিতাত বৰপেটা জিলা দল চূড়ান্ত বিজয়ী

বৰপেটাত অনুষ্ঠিত জে কে বৰুৱা আন্তঃজিলা ক্রিকেট প্রতিযোগিতাত আজি বৰপেটা জিলা দলে চূড়ান্ত বিজয়ীৰ সন্মান অৰ্জন কৰে। বৰপেটা জিলা ক্রিকেট সন্থাৰ খেলপথাৰত অনুষ্ঠিত চূড়ান্ত খেলত বৰপেটা দলে অসম ক্রিকেট সন্থাৰ সভাপতি একাদশক ১২০ ৰাণত পৰাস্ত কৰে। প্ৰথমে বেট ধৰি বৰপেটা জিলা দলে ৫০ অভাৰত ৬ টা উইকেটৰ বিনিময়ত ২৪৬ ৰাণ কৰে। প্ৰত্যুত্তৰত সভাপতি একাদশ দলে ২৫ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ১২৩ ৰাণহে কৰিবলৈ সমৰ্থ হয়। সভাপতি একাদশৰ দ্যুতিময় নাথক প্লেয়াৰ অৱ দ্যা টুর্ণামেণ্ট হিচাপে ঘোষণা কৰা হয়।