August 1, 2025 11:10 AM | Bank law

printer

আজিৰে পৰা বেংকিং সমশোধনী আইন ২০২৫ কাৰ্যকৰী

বেংক ব্যৱস্থাত জমাকাৰী আৰু বিনিয়োগকাৰীৰ বাবে বর্ধিত সুৰক্ষা নিশ্চিত কৰা আৰু বেংকিং খণ্ডত শাসনবিধিৰ মান উন্নত কৰাৰ লক্ষ্যৰে আজিৰে পৰা বেংকিং সমশোধনী আইন ২০২৫ কাৰ্যকৰী হৈছে। বিত্ত মন্ত্রালয়ে কয় যে যোৱা ১৫ এপ্ৰিলত অধিসূচনা জাৰি কৰা এই আইনখনে ৰাজহুৱা খণ্ডৰ বেংকসমূহত নিৰীক্ষণৰ মান উন্নত কৰাৰ লগতে সমবায় বেংকসমূহত সঞ্চালকৰ কাৰ্যকাল বৃদ্ধিৰ বাবে চেষ্টা কৰিছে। এই সংশোধনৰ জৰিয়তে ১৯৬৮ চনৰ পৰা অপৰিৱৰ্তিত হৈ থকা সন্তোষজনক সুতৰ সীমা ৫ লাখ টকাৰ পৰা ২ কোটি টকালৈ পুনৰ সংজ্ঞায়িত কৰাৰ লক্ষ্য লোৱা হৈছে৷ ইয়াৰ উপৰিও সমবায় বেংকসমূহত সঞ্চালকৰ কাৰ্যকালক ৯৭ সংখ্যক সাংবিধানিক সংশোধনীৰ সৈতে একাকাৰ কৰি সৰ্বোচ্চ কার্যকাল ৮ৰ পৰা ১০ বছৰলৈ বৃদ্ধি কৰা হৈছে। এই সংশোধনীৰ জৰিয়তে ১৯৩৪ চনৰ ভাৰতীয় ৰিজাৰ্ভ বেংক আইন, বেংকৰ নিয়ন্ত্রণ আইন ১৯৪৯, ভাৰতীয় ষ্টেট বেংক আইন ১৯৫৫, বেংকিং কোম্পানী আইন ১৯৭০ আৰু ১৯৮০ ৰ মুঠ ১৯টা নিয়মৰ সংশোধন কৰা হৈছে ।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।