ড° বাণীকান্ত কাকতি মেধা বঁটা প্ৰদানৰ বাবে কাৰ্যালয় স্মাৰক প্ৰকাশ

অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগে প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত ড° বাণীকান্ত কাকতি মেধা বঁটা প্ৰদানৰ বাবে এখন কাৰ্যালয় স্মাৰক প্ৰকাশ কৰিছে। এই স্মাৰক অনুসৰি অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে অনুষ্ঠিত কৰা ২০২৫ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত ৮০ শতাংশ বা ততোধিক নম্বৰ লাভ কৰা শিক্ষাৰ্থীসকলক স্কুটি প্ৰদান কৰা হ’ব। বেটাৰমেণ্ট বা পুনৰ পৰীক্ষাত অৱতীৰ্ণ হোৱা শিক্ষার্থীসকল এই বঁটাৰ বাবে বিবেচিত নহয় । যোগ্য ছাত্র-ছাত্রীসকলে উচ্চ শিক্ষা সঞ্চালকালয়ে পৰৱৰ্তী সময়ত দিয়া লিংকৰ জৰিয়তে অনলাইন আবেদন কৰিব পাৰিব। ইপিনে, প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত ড° বাণীকান্ত কাকতি মেধা বঁটা লাভ কৰা শিক্ষাৰ্থীসকল নিযুত মইনা আঁচনিৰ বাবে যোগ্য বিবেচিত নহব বুলি কার্যালয় স্মাৰকত উল্লেখ কৰা হৈছে। অৱশ্যে বাণীকান্ত কাকতি মেধা বঁটাৰ বাবে আবেদন নকৰা ছাত্ৰীয়ে নিযুত মইনা আঁচনিৰ বাবে আবেদন কৰিব পাৰিব ।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।