December 19, 2025 12:52 PM | bangladesh visa

printer

বাংলাদেশৰ ঢাকাৰ ভাৰতীয় ভিজা আবেদন কেন্দ্র পুনৰ মুকলি

বাংলাদেশৰ ঢাকাৰ ভাৰতীয় ভিজা আবেদন কেন্দ্র (আই ভি এ চি) অস্থায়ীভাৱে বন্ধ হৈ থকাৰ পাছত পুনৰ মুকলি কৰা হৈছে। বাংলাদেশৰ বিভিন্ন প্ৰান্তত ভাৰত বিৰোধী প্ৰদৰ্শনৰ পৰিপ্ৰেক্ষিতত খুলনা আৰু ৰাজশ্বাহীত থকা ভিজা আবেদন কেন্দ্র বন্ধ কৰি থোৱা হৈছিল। অৱশ্যে কেন্দ্ৰৰ ৱেবছাইটত প্ৰকাশ কৰা অনুসৰি সদ্যহতে স্বাভাৱিক সময়তকৈ পূৰ্বে দৈনিক কেন্দ্ৰটোৰ কাম-কাজ বন্ধ কৰা হ’ব। ভাৰত-বাংলাদেশৰ দ্বিপাক্ষিক সম্পৰ্কৰ ক্ষেত্ৰত শেহতীয়াকৈ সৃষ্টি হোৱা উদ্বেগৰ পৰিপ্ৰেক্ষিতত অসমৰো বাংলাদেশ সীমান্তৱৰ্তী অঞ্চলসমূহত বিশেষ সতর্কতা জাৰি কৰা হৈছে। প্ৰতিবেশী ৰাষ্ট্ৰখনত শেহতীয়াকৈ মৌলবাদী শক্তিৰ উত্থানৰ ফলত দুয়োদেশৰ পাৰস্পৰিক সম্পৰ্কৰ কিছু অৱনতি ঘটিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে শেহতীয়াকৈ বাংলাদেশত এখন প্রতিবাদী সভাত দেশখনৰ অন্তৱৰ্তীকালীন চৰকাৰৰ ঘনিষ্ঠ এজন ৰাজনৈতিক নেতাই ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলক বিচ্ছিন্ন কৰাৰ ভাবুকি দিয়াৰ পাছতে দেশখনৰ উচ্চায়ুক্তক তলব কৰা হয়। মন্ত্ৰ্যালয়ৰ সূত্ৰই প্ৰকাশ কৰা মতে ভাৰতৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি সৃষ্টিকাৰী কেতবোৰ বিষয়ত বাংলাদেশৰ উচ্চায়ুক্তগৰাকীৰ দৃষ্টি আকৰ্ষণ কৰোৱা হয়। কেন্দ্ৰীয় চৰকাৰে বাংলাদেশত ভাৰত বিৰোধী কার্যকলাপ নীৰৱ দৰ্শক হৈ সহ্য নকৰে বুলিও উচ্চায়ুক্তগৰাকীক স্পষ্ট কৰি দিয়ে।