বাংলাদেশৰ চট্টগ্ৰামত থকা ভাৰতীয় ভিছা আবেদন কেন্দ্ৰৰ সকলো কামকাজ বন্ধ

বাংলাদেশত থকা ভাৰতৰ সহকাৰী উচ্চায়োগৰ সমীপত শেহতীয়াকৈ হোৱা ঘটনাৰ পৰিপ্ৰেক্ষিতত সুৰক্ষা ব্যৱস্থা বৃদ্ধি কৰাৰ মাজতে কালিৰে পৰা চট্টগ্ৰামত থকা ভাৰতীয় ভিছা আবেদন কেন্দ্ৰৰ সকলো কামকাজ বন্ধ কৰি দিয়া হৈছে। কেন্দ্ৰটোৱে প্ৰকাশ কৰা বিবৃতি অনুসৰি পৰৱৰ্তী নির্দেশ নিদিয়া পর্যন্ত চট্টগ্রাম কেন্দ্ৰৰ পৰা সকলো ধৰণৰ ভিছাৰ সেৱা বন্ধ থাকিব আৰু সাম্প্ৰতিক পৰিস্থিতিৰ পৰ্যালোচনাৰ পাছতহে পুনৰ সেৱা আৰম্ভ কৰাৰ সন্দৰ্ভত সিদ্ধান্ত লোৱা হ’ব। উল্লেখযোগ্য যে, ভাৰতীয় ভিচা আবেদন কেন্দ্ৰই বাংলাদেশৰ ঢাকা, খোলনা, ৰাজছাহি, চট্টগ্ৰাম আৰু চিলেটত থকা মুঠ পাঁচটা কেন্দ্ৰত ভিচা সেৱা পৰিচালনা কৰে। চট্টগ্ৰামৰ বাহিৰে বাকী কেইটা কেন্দ্ৰত পূৰ্বৰ দৰে এই সেৱা অব্যাহত থাকিব বুলি বিবৃটোত প্ৰকাশ পাইছে।

ইপিনে দেশখনৰ আৰক্ষীয়ে ইনকিলাব মঞ্চৰ মুখপাত্র শ্বৰীফ ওছমান বীন হাড়িৰ হত্যা কাণ্ডৰ মূল অভিযুক্ত ফেইজল কৰীম মাছুড়ে দেশ এৰি যোৱা সন্দৰ্ভত কোনো ধৰণৰ নিৰ্দিষ্ট তথ্য পোৱা নাই বুলি প্ৰকাশ কৰিছে। আনহাতে মানৱাধিকাৰ সংস্থা আইন ও চালিছ কেন্দ্ৰই শেহতীয়াকৈ মৈমনসিঙত দিপু চন্দ্ৰ দাস নামৰ এজন লোকক বৰভাৱে হত্যা কৰা আৰু লক্ষ্মীপুৰৰ আক্ৰমণত এটি ৭ বছৰীয়া কন্যা শিশুৰ মৃত্যুৰ ঘটনাক কঠোৰভাৱে গৰিহণা দিছে। সংস্থাটোৱে এই ঘটনাই আইন শৃংখলাৰ পৰিস্থিতি ধংস হোৱাকে প্ৰতিফলিত কৰে বুলি উল্লেখ কৰি প্ৰশাসনিক আৰু নিৰাপত্তাৰ সৈতে জড়িত বিফলতাৰ তদন্তৰ বাবে আহ্বান জনায়।