প্ৰতিৱেশী ৰাষ্ট্র বাংলাদেশত সৃষ্টি হোৱা অশান্ত পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় চোৰাং চোৱা সংস্থাসমূহে দেশখনৰ সৈতে থকা সীমান্ত অঞ্চলসমূহত বিশেষ সতর্কতা জাৰি কৰিছে। চৰকাৰী সূত্ৰত প্ৰকাশ পোৱা মতে প্রতিবেশী ৰাষ্ট্ৰখনৰ সুৰক্ষা সংস্থাসমূহ দেশখনৰ পৰিস্থিতি নিয়ন্ত্ৰণত ব্যস্ত হৈ থকাৰ সুযোগ লৈ একাংশ মৌলবাদী সংগঠনে ভাৰতত অনুপ্ৰৱেশ কৰি কুটাঘাট সংঘটিত কৰিব পাৰে বুলি আশংকা কৰা হৈছে। অসম, ত্ৰিপুৰা আৰু পশ্চিমবংগৰ সীমান্ত অঞ্চলৰ নৈপৰীয়া স্থানসমূহত বিশেষ সতর্কতা জৰি কৰা হৈছে বুলি চোৰাংচোৱা সংস্থাৰ এগৰাকী বিষয়াই প্ৰকাশ কৰিছে।
ইপিনে দেশখনত হিন্দু সম্প্ৰদায়ৰ লোকৰ ওপৰত কৰা আক্ৰমণৰ ঘটনাৰ পাছতে ৰাজ্যৰ কেইবাখনো জিলাৰ সীমান্তত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে। বাংলাদেশৰ হিংসাত্মক ঘটনাই যাতে ৰাজ্যখনত কোনো প্ৰভাৱ পেলাব নোৱাৰে এই সন্দৰ্ভত সীমান্ত অঞ্চলত নিৰাপত্তাৰক্ষী সষ্টম হৈ আছে। কাছাৰ জিলাৰ কাটিগড়াৰ নাটানপুৰ অঞ্চলৰ ভাৰত-বাংলাদেশ সীমান্তত নিৰাপত্তা ব্যৱস্থা কঠোৰ কৰি তোলা হৈছে। অঞ্চলটোত দিনে-নিশাই পহৰাৰ ব্যৱস্থা কৰা হৈছে। একেদৰে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সীমান্ত অঞ্চলতো নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে ।