ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

বাংলাদেশত ইস্কনৰ ধৰ্মগুৰু চিন্ময় কৃষ্ণ দাসৰ গ্ৰেপ্তাৰৰ প্ৰতিবাদত উত্তপ্ত পৰিস্থিতি, চিন্ময় কৃষ্ণসহ ১৬জন লোকৰ বেংক একাউণ্ট বন্ধ

বাংলাদেশত ইস্কনৰ ধৰ্মগুৰু চিন্ময় কৃষ্ণ দাসক মিছা অভিযোগত গ্ৰেপ্তাৰ কৰাৰ প্ৰতিবাদত দেশখনত উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে। দেশখনত মহম্মদ ইউনুছ চৰকাৰৰ হিন্দু বিৰোধী কাৰ্যকলাপে অধিক ভয়ংকৰ ৰূপ লোৱাৰ সময়তে কালি চৰকাৰে চিন্ময় কৃষ্ণ দাসৰ বেংক একাউণ্টো বন্ধ কৰে। চিন্ময় কৃষ্ণৰ লগতে আন ১৬ জন হিন্দু লোকৰ বেংক একাউণ্ট এমাহলৈ বন্ধ কৰি দিয়া হয়। এইকেইজন লোকে অবৈধভাৱে ধন সৰবৰাহ কৰাৰ অভিযোগত বাংলাদেশ চৰকাৰে এই ব্যৱস্থা গ্ৰহণ কৰে বুলি প্ৰকাশ কৰিছে। এই সময়ছোৱাত তেওঁলোকৰ সকলো ধৰণৰ লেনদেন বন্ধ থাকিব। ইপিনে চিন্ময় কৃষ্ণ দাস সন্দৰ্ভত ২৪ ঘণ্টাৰ ভিতৰত বাংলাদেশ ইস্কনে নিজৰ স্থিতি সলনি কৰিছে। কালি এখন সংবাদমেলত কাৰাৰুদ্ধ চিন্ময় কৃষ্ণ দাসৰ সৈতে ইস্কনৰ কোনো সম্পর্ক নাই বুলি বাংলাদেশ ইস্কনে প্ৰকাশ কৰে। বাংলাদেশত হিন্দু নাগৰিকৰ ওপৰত চলোৱা আক্ৰমণৰ ঘটনাক লৈ ভাৰতৰ বিভিন্ন স্থানত দল-সংগঠনে প্রতিবাদ সাবস্ত কৰিছে। ইপিনে দেশখনত ধৰ্মীয় গুৰুগৰাকীক গ্ৰেপ্তাৰ আৰু সংখ্যালঘূৰ ওপৰত চলোৱা নিৰ্যাতনৰ প্ৰতিবাদত কালি কৰিমগঞ্জত বিধায়ক কমলাক্ষ্য দে পুৰকায়স্থৰ আহ্বানত জোৰ লৈ শোভাযাত্ৰা উলিওৱা হয়। বিধায়কগৰাকীয়ে ধৰ্মীয় গুৰুগৰাকীক বিনাচৰ্তে মুক্তিৰ দাবী জনাইছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।