সীমান্ত সুৰক্ষা বাহিনীয়ে বাংলাদেশ বৰ্ডাৰ গাৰ্ডৰ সহায়ত কালি পশ্চিমবংগৰ কোচবিহাৰ জিলাৰ ভাৰত-বাংলাদশ সীমান্তত অনুপ্ৰৱেশৰ এটা প্ৰচেষ্টা ব্যর্থ কৰে। সীমান্ত সুৰক্ষা বাহিনীৰ মুখপাত্ৰই প্ৰকাশ কৰা মতে, পশ্চিমবংগৰ কোচবিহাৰৰ ভাৰত-বাংলাদেশ সীমান্তত ভাৰতত শৰণ লোৱাৰ উদ্দেশ্যে প্ৰায় এহেজাৰ বাংলাদেশী নাগৰিক আন্তঃৰাষ্ট্ৰীয় সীমান্ত অভিমুখে আহিবলৈ ধৰাত বাহিনীটোৰ জোৱানসকল অন্য ধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হয়। মুখপাত্ৰগৰাকীয়ে কয় যে, সীমান্ত অভিমুখী লোকসকলৰ সৈতে সংঘৰ্ষৰ সূত্ৰপাত হোৱাত সীমান্ত সুৰক্ষা বাহিনীয়ে বাংলাদেশী নাগৰিকসকলক ঘূৰাই লোৱাৰ বাবে ততালিকে বাংলাদেশ ব’ৰ্ডাৰ গাৰ্ডৰ সৈতে যোগাযোগ কৰে। যাতে পৰিস্থিতি অধিক উত্তেজনাপূৰ্ণ হোৱাৰ পূৰ্বে নিয়ন্ত্ৰণ কৰিব পৰা যায়। বাংলাদেশৰ শেহতীয়া ঘটনা ক্ৰমৰ পৰিপ্ৰেক্ষিতত ভাৰত-বাংলাদেশ সীমান্তত সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। সীমান্ত সুৰক্ষা বাহিনী, উপকূলৰক্ষী বাহিনী আৰু উপকূল আৰক্ষীসহ বিভিন্ন কেন্দ্ৰীয় আৰু ৰাজ্যিক সুৰক্ষা সংস্থাই পশ্চিমবংগৰ উত্তৰ ২৪ পৰগানা আৰু দক্ষিণ ২৪ পৰগানা জিলাত অৱস্থিত সুন্দৰবন এলেকাত বাংলাদেশৰ সৈতে থকা সামুদ্রিক সীমান্তত পহৰা তীব্ৰতৰ কৰি তুলিছে।
Site Admin | August 10, 2024 1:28 PM | Banglades
কোচবিহাৰ জিলাৰ ভাৰত-বাংলাদশ সীমান্তত বাংলাদেশী নাগৰিকৰ অনুপ্ৰৱেশৰ প্ৰচেষ্টা ব্যর্থ সীমান্ত সুৰক্ষা বাহিনীৰ
