ডাউনলোড
মোবাইল এপ

android apple
signal

August 26, 2025 1:12 PM | Bangladesh

printer

ৰোহিংগীয়া মুছলমান লোকসকলৰ ন্যায়, প্ৰত্যাৱৰ্তন তথা স্থিৰতা সুনিশ্চিতৰ বাবে আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ৰ প্ৰতি আহ্বান বাংলাদেশৰ

বলপূর্বকভাৱে স্থানান্তৰিত হোৱা ৰোহিংগীয়া মুছলমান লোকসকলৰ ন্যায়, প্ৰত্যাৱৰ্তন তথা স্থিৰতা সুনিশ্চিত কৰাৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ বাংলাদেশে আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ৰ প্ৰতি আহ্বান জনাইছে। এই সমস্যাৰ সমাধানৰ বাবে বিশ্ব সম্প্ৰদায়ৰ সমৰ্থন বিচাৰি বাংলাদেশৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছে কয়, যে আমি আমাৰ সীমিত ঘৰুৱা সম্পদসমূহৰ বাবে অতিৰিক্ত সম্পদ আহৰণ কৰাৰ কোনো প্ৰয়োজন নাই। ৰোহিংগীয়া সমস্যা সমাধানৰ বিষয়টো গোলকীয় কাৰ্যসূচীৰ বিষয় হোৱা উচিত বুলিও তেওঁ মন্তব্য কৰে। তেওঁ কয়, যে এই সমস্যাৰ সমাধান কৰাটো কেৱল বাংলাদেশৰে দায়িত্ব নহয় বৰং ই আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ৰো এটা বিশেষ দায়িত্ব। ৰোহিংগীয়া সকলৰ শেহতীয়া স্থিতি সন্দৰ্ভত আয়োজিত তিনিদিনীয়া আন্তঃৰাষ্ট্ৰীয় সন্মিলনত ভাষণ দি শ্রীইউনুছে এই বিষয়ে প্ৰকাশ কৰে। ৰোহিংগীয়া সকলৰ দীৰ্ঘদিনীয়া সমস্যাৰ সমাধান সূত্র অন্বেষণৰ বাবে বিশ্বৰ অংশীদাৰসকলক জড়িত কৰাৰ উদ্দেশ্যে এই সন্মিলনৰ আয়োজন কৰা হৈছে। শ্রীইউনুছে কয়, যে মানৱীয়তাৰ খাতিৰত সীমিত সম্পদ থকা স্বত্বেও ৰোহিংগীয়া সকলৰ জীৱন ৰক্ষাৰ বাবেই বাংলাদেশে ইয়াৰ সীমান্ত মুকলি কৰি দিছে। বর্তমান সময়ত ম্যানমাৰৰ পৰা বিতাড়িত ১৩ লাখ ৰোহিংগীয়া লোক বাংলাদেশৰ বিভিন্ন শিবিৰত আশ্ৰয় লৈ আছে বুলিও তেওঁ জানিবলৈ দিয়ে।