ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

March 6, 2025 6:55 PM | Bangaldesh

printer

বাংলাদেশৰ শিক্ষাৰ্থীসকলৰ কালি ৰাজশ্বাহীৰ ৰে’ল লাইন অৱৰোধ

ঢাকা বিশ্ববিদ্যালয়ৰ সমাপ্তি আৰু সকলো খণ্ডতে ক্ষমতা আৰু নিয়োগৰ ক্ষেত্ৰত ঢাকা কেন্দ্ৰিক আধিপত্য অন্ত পেলোৱাৰ দাবীৰে বাংলাদেশৰ শিক্ষাৰ্থীসকলে কালি ৰাজশ্বাহীৰ ৰেল লাইন অৱৰোধ কৰে। উপদেষ্টা পৰিষদৰ নিয়োগৰ পৰা আৰম্ভ কৰি বিশ্ববিদ্যালয় অনুদান আয়োগলৈকে সকলো ক্ষেত্ৰতে ঢাকা আৰু ঢাকা বিশ্ববিদ্যালয়ে আধিপত্য বজাই আহিছে বুলি প্ৰতিবাদকাৰীসকলে দাবী কৰে। ঢাকা ট্রিবিউন বাতৰি কাকতত প্ৰকাশিত বাতৰি অনুসৰি প্ৰতিবাদকাৰীসকলে সমগ্ৰ দেশতে সম নিয়োগৰ সুযোগৰ দাবী জনায়। ৰাজশ্বাহী বিশ্ববিদ্যালয়ৰ বৈষম্যবিৰোধী ছাত্র আন্দোলনৰ এগৰাকী নেতা ছালাউদ্দিন আম্মাৰে কয়, যে শিক্ষাৰ্থীসকলে এনেধৰণৰ আধিপত্য মানি নলয় আৰু তেওঁলোকে বাংলাদেশ লোকসেৱা আয়োগৰ পৰা আৰম্ভ কৰি বিশ্ববিদ্যালয় অনুদান আয়োগলৈকে সকলোতে এটা সম্পূর্ণ নতুন ব্যৱস্থা ৰূপায়ণ কৰাৰ বাবে দাবী জনাইছে। ইপিনে, ঢাকাৰ ব্যক্তিগত বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলে নৱগঠিত ছাত্র সংগঠন ৰাষ্ট্ৰীয় নাগৰিক দলৰ ছাত্র নেতা ছার্জিছ আলম আৰু তেওঁৰ সহযোগীসকলৰ সৈতে যোৱানিশা সংঘর্ষত লিপ্ত হয়। তেওঁলোকে নৱগঠিত ছাত্ৰ সংগঠনটোৰ সমিতিত ব্যক্তিগত বিশ্ববিদ্যালয়সমূহৰ প্ৰতিনিধি অন্তৰ্ভুক্ত কৰাৰ বাবে দাবী জনায়।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।