ডাউনলোড
মোবাইল এপ

android apple
signal

ভাৰতৰ মাজেৰে পণ্য পৰিবহণৰ বাবে বাংলাদেশক কৰি অহা সুবিধা বাতিল কেন্দ্ৰীয় চৰকাৰৰ

কেন্দ্ৰীয় চৰকাৰে বাংলাদেশক প্রদান কৰি অহা ভাৰতৰ মাজেৰে তৃতীয় দেশলৈ পণ্য পৰিবহণৰ সুবিধা বাতিল কৰিছে। বাংলাদেশে ভাৰতৰ শুল্ক বিভাগৰ ষ্টেচন, বন্দৰ আৰু বিমান বন্দৰ ব্যৱহাৰ কৰি ভূটান, নেপাল আৰু ম্যানমাৰসহ কেইবাখনো ৰাষ্ট্ৰলৈ উৎপাদিত সামগ্ৰী ৰপ্তানি কৰি আহিছিল। কেন্দ্ৰীয় চৰকাৰে কালি এখন জাননীযোগে ২০২০ চনৰ ২৯ জুনৰ পৰা বাংলাদেশক দিয়া এই পণ্য পৰিবহণৰ সুবিধা তাৎক্ষণিকভাৱে বাতিল কৰে। উল্লেখযোগ্য যে মাৰ্চৰ শেষ সপ্তাহত চীন ভ্ৰমণৰ সময়ত বাংলাদেশৰ অন্তৰ্ৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছে উত্তৰ-পূৰ্বাঞ্চলক স্থল পৰিৱেষ্টিত অঞ্চল বুলি কৈ অঞ্চলটোত সমুদ্ৰলৈ যোৱাৰ কোনো পথ নাই বুলি মন্তব্য কৰিছিল। তেওঁ লগতে অঞ্চলটোৰ সমুদ্ৰত বাংলাদেশহে অভিভাৱক আৰু অঞ্চলটোত ব্যৱসায় সম্প্ৰসাৰণৰ বাবে চীনক আমন্ত্ৰণ জনাইছিল। ইয়াৰ পাছতে ভাৰতৰ ৰাজনৈতিক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।