ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

March 28, 2025 7:02 PM | Bangladesh

printer

বেইজিঙত চীনৰ ৰাষ্ট্ৰপতি শি জিনপিঙৰ সৈতে মহম্মদ ইউনুছৰ দ্বিপাক্ষিক আলোচনা

বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা প্ৰফেচৰ মহম্মদ ইউনুছ আজি পুৱা বেইজিঙত চীনৰ ৰাষ্ট্ৰপতি শি জিনপিঙৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয়। দুয়োগৰাকী নেতাই পাৰস্পৰিক স্বাৰ্থ সম্বলিত বিভিন্ন বিষয়ত আলোচনা কৰে।

প্ৰফেচৰ ইউনুছে বাংলাদেশৰ নিৰ্মাণ খণ্ডত বিনিয়োগৰ বাবে তেওঁলোকক মান্তি কৰোৱাৰ লক্ষ্যৰে চীনৰ ব্যৱসায় নেতাসকলৰ সৈতে বিনিয়োগ আলোচনাতো অংশ ল’ব।

বাংলাদেশ আৰু চীনৰ মাজৰ সম্পৰ্ক শক্তিশালী কৰাৰ লক্ষ্যৰে মুখ্য উপদেষ্টা গৰাকীয়ে চাৰি দিনীয়া ভ্রমণসূচীৰে যোৱা ২৬ মাৰ্চত চীনলৈ গৈছে। চীনৰ সংবাদমাধ্যমে প্রকাশ কৰা মতে প্ৰফেচৰ ইউনুছে কালি এখন বৈঠকত বাংলাদেশে চীনৰ বজাৰত ২০২৮ চনলৈক কোনো ধৰণৰ কৰ আৰোপ নোহোৱাকৈ বাণিজ্য কৰাৰ সন্মতি লাভ কৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।