গোলাঘাট বন সংমণ্ডল প্ৰাধীকাৰী কাৰ্যালয়ৰ সহযোগত আৰু আঞ্চলিক বন সুৰক্ষা বাহিনীৰ সহযোগত ৭৬ সংখ্যক বন মহোৎসৱ উপলক্ষে মৰঙিৰ তুলেশ্বৰী বৰুৱা মইনাপাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত আজি এখন সভা অনুষ্ঠিত হয়। বন মহোৎসৱ উপলক্ষে বিদ্যালয় চৌহদত কেইবাটিও গছপুলি ৰোপণ কৰা সভাত খুমতাইৰ বিধায়ক মৃণাল শইকীয়া আৰু সৰু পথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনে বিনামূলীয়াকৈ গছপুলি বিতৰণ কৰে। সভাত গোলাঘাট জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া বিপুল কুমাৰ দাস, বন সংমণ্ডল প্ৰাধীকাৰী গুণদ্বীপ দাসৰ উপৰি অঞ্চলটোৰ বহুসংখ্যক লোক উপস্থিত থাকে।