November 6, 2025 6:51 PM | Ballav bhai patel

printer

ৰাজ্যত বিভিন্ন জিলাত আজি চৰ্দাৰ বল্লভ ভাই পেটেলৰ ১৫০ বছৰীয়া জয়ন্তী উদযাপন

লৌহ মানৱ চৰ্দাৰ বল্লভ ভাই পেটেলৰ ডেৰশ বছৰীয়া জয়ন্তী উদযাপন অংশ হিচাপে আজি বিভিন্ন জিলাত কাৰ্যসূচী অনুষ্ঠিত হয়। কোকৰাঝাৰ জিলা প্রশাসনে আজি এই উপলক্ষে একতাৰ দৌৰ অনুষ্ঠিত কৰে। মন্ত্রী উর্ধ্বাও গৌৰা ব্ৰহ্মই মহাত্মা গান্ধী শিশু উদ্যানৰ পৰা এই দৌৰ মুকলি কৰে। হোজাই জিলাত লৌহ মানৱগৰাকীৰ জয়ন্তীৰ সৈতে সংগতি ৰাখি আজি একতাৰ মানৱ শৃংখল অনুষ্ঠিত হয়। জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত এই কার্যসূচীত সাংসদ কামাখ্যা প্রসাদ তাছা, কেইবাগৰাকীও বিধায়ক, জিলা প্রশাসন আৰু আৰক্ষী প্ৰশাসনৰ বিষয়ববীয়াৰ উপৰি এন চি চিৰ সদস্যসকলে অংশগ্ৰহণ কৰে। হোজাইৰ নতুন বজাৰৰ বিহুতলী খেলপথাৰৰ পৰা হোজাই চহৰৰ মাজেৰে গৈ হোজাই ষ্টেডিয়ামলৈ এই মানল শৃংখল অনুষ্ঠিত হয়।

গোৱালপাৰা জিলাতো আজি প্রশাসনৰ উদ্যোগত চৰ্দাৰ বল্লভ ভাই পেটেলৰ ডেৰশ বছৰীয়া জয়ন্তীৰ অংশস্বৰূপে বিস্তৃত কাৰ্যসূচী লোৱা হৈছে। এই উপলক্ষে গুৱাহাটীৰ সাংসদ বিজুলী কলিতা মেধিয়ে গোৱালপাৰা জিলা আয়ুক্ত কার্যালয়ত বিষয়াসকলৰ সৈতে এখন সভা অনুষ্ঠিত কৰি সাংবাদ মাধ্যমক এই বিষয়ে অবগত কৰে। এই অনুসৰি অহা ১৬ নৱেম্বৰত গোৱালপাৰা জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা আৰু ১৯ নৱেম্বৰত দুধনৈৰ উদয়পুৰত একতাৰ দৌৰ অনুষ্ঠিত হব। ইপিনে, ৰাষ্ট্রীয় গীত বন্দে মাতৰৰ ডেৰশ বছৰ পূৰ্ণ হোৱা উপলক্ষে কাইলৈ জিলাখনৰ প্ৰশাসনৰ উদ্যোগত গীতটো পৰিৱেশনৰ ব্যৱস্থা কৰা হৈছে বুলি সাংসদগৰাকীয়ে জানিবলৈ দিয়ে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।