August 27, 2025 8:14 PM | Balijan

printer

বালিজান চাহ বাগিচাৰ বহুকেইটা পৰিয়ালৰ বাসগৃহ ব্ৰহ্মপুত্ৰৰ বুকুত জাহ

ডিব্ৰুগড় জিলাৰ চাবুৱা বিধানসভা সমষ্টিৰ অন্তৰ্গত বালিজান চাহ বাগিচাৰ বহুকেইটা পৰিয়ালৰ বাসগৃহ ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে। এই পৰিয়ালকেইটাৰ পুনৰ সংস্থাপন সন্দৰ্ভত আজি চাবুৱাৰ বিধায়ক পোনাকণ বৰুৱাই ৰাজহ চক্ৰ বিষয়াৰ উপস্থিতিত চাহ বাগিচাখনৰ কৰ্তৃপক্ষ তথা চাহ মজদুৰ সংঘ আৰু চাহ জনজাতি ছাত্ৰ সন্থাৰ সৈতে আলোচনাত মিলিত হয়। বাগিচাৰ বজাৰগৃহত সম্প্ৰতি আশ্ৰয় লৈ থকা পৰিয়ালকেইটাক শীঘ্ৰে নিৰ্দিষ্ট ঠাইত সংস্থাপনৰ ব্যৱস্থা কৰিবলৈ বিধায়কগৰাকীয়ে বাগিচা কৰ্তৃপক্ষক আহ্বান জনায় ৷

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।