October 30, 2025 8:47 PM | baksa district day

printer

বাক্সা জিলা আয়ুক্তৰ কাৰ্যালয় চৌহদত জিলা দিৱস উদযাপন

বাক্সা জিলা প্ৰশাসনৰ উদ্যোগত আজি দিনজোৰা কাৰ্যসূচীৰে জিলা আয়ুক্তৰ কাৰ্যালয় চৌহদত জিলা দিৱস উদযাপন কৰা হয়। শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানেৰে কাৰ্যসূচী মুকলি কৰা হয়। জিলা দিৱস উপলক্ষে জিলা আয়ুক্ত গৌতম দাস আৰু আৰক্ষী অধীক্ষক উজ্বল প্রতীম বৰুৱাই চাইকেল সমদলৰ শুভাৰম্ভ কৰে। জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা উলিওৱা এই সমদলত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী কৰ্মচাৰীসকলে অংশগ্ৰহণ কৰে। অনুষ্ঠানৰ লগত সংগতি ৰাখি এটা মত বিনিময় কাৰ্যসূচীৰো আয়োজন কৰা হয় ৷ উল্লেখযোগ্য যে ২০০৩ চনৰ আজিৰ দিনটোতে বিটিচি চুক্তি অনুসৰি নলবাৰী, কামৰূপ আৰু বৰপেটা জিলাৰ কিছু অংশ সামৰি বাক্সা জিলা গঠন কৰা হৈছিল।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।