ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

October 30, 2024 8:25 PM | baksa district day

printer

মুছলপুৰত এদিনীয়া কাৰ্যসূচীৰে বাক্সা জিলা দিৱস উদযাপন

বাক্সা জিলা প্ৰশাসনৰ উদ্যোগত আজি মুছলপুৰত এদিনীয়া কাৰ্যসূচীৰে বাক্সা জিলা দিৱস উদযাপন কৰা হয়। এই উপলক্ষে অনুষ্ঠিত মুকলি সভাত ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম, বিটিচি পৰিষদৰ অধ্যক্ষ কাতিৰাম বড়ো, জিলা আয়ুক্তকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। সভাত জিলাখনৰ জ্যেষ্ঠ নাগৰিক আৰু সাংবাদিকক সম্বৰ্ধনা জনোৱা হয়। বাক্সা জিলা দিৱস উপলক্ষে গছপুলি ৰোপণ আৰু চাইকেল সমদল কাৰ্যসূচীও ৰূপায়িত হয়। উল্লেখযোগ্য যে বিটিচি চুক্তি অনুসৰি ২০০৩ চনৰ আজিৰ দিনটোতে নলবাৰী, কামৰূপ আৰু বৰপেটা জিলাৰ কিছু অংশক সামৰি বাক্সা জিলা গঠিত হৈছিল।