ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

October 18, 2025 8:15 PM | baksa arrest 5

printer

বাক্সা জিলাৰ নিকাছিৰ হিংসাত্মক ঘটনাৰ সৈতে জড়িত আৰু ৫জনক গ্ৰেপ্তাৰ

বাক্সা জিলাৰ নিকাছিৰ হিংসাত্মক ঘটনাৰ সৈতে জড়িত আৰু ৫ জনক গ্ৰেপ্তাৰ কৰা হৈছে। এই ৫ জনৰ সৈতে এতিয়ালৈ ৯ জনক গ্ৰেপ্তাৰ কৰা হৈছে। বাক্সা জিলাৰ আৰক্ষী অধীক্ষকে এই বিষয়ে সংবাদ মাধ্যমৰ আগত কয়, যে জুবিন গাৰ্গৰ অনুৰাগী বুলি সুযোগ লৈ যিটো দুষ্টচক্রই হিংসাত্মক ঘটনা সংঘটিত কৰিলে সেই চক্ৰটোৰ আটাইকে এজন এজনকৈ চিনাক্ত কৰা হৈছে আৰু অতিশীঘ্ৰেই বাকী থকা কেইজনকো গ্ৰেপ্তাৰ কৰা হ’ব। এই ক্ষেত্ৰত স্থানীয় লোকেও আৰক্ষীক সহায় কৰিছে। আৰক্ষীৰ বাহনত অগ্নিসংযোগ তথা শিল দলিওৱাৰ অভিযোগত বাক্সা আৰক্ষী গ্ৰেপ্তাৰ কৰা লোককেইজন হ’ল- ৰাচিম আলী, চাৰুক আলী, নৱৰাজ গৌতম, বিদ্যুৎ চেত্ৰী, নচিবুৰ ৰহমান, কাদেৰ আলী, ৰমিজ আলী, আহেলা মিঞা আৰু ছুলেমন আলী। গ্ৰেপ্তাৰ কৰা লোককেইজনৰ মাজত পূৰ্বৰ দাগী অপৰাধীও আছে বুলি বাক্সা জিলাৰ আৰক্ষী অধীক্ষকগৰাকীয়ে প্ৰকাশ কৰিছে।