ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

August 19, 2025 6:56 PM | Baksa

printer

বাক্সা জিলাৰ বৰ্মাত শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ আধাৰশিলা স্থাপন

বি টি আৰৰ মুখ্য কাৰ্যবাহী প্রমোদ বড়োৱে বাক্সা জিলাৰ বৰ্মাত আজি শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ আধাৰশিলা স্থাপন কৰে। বি টি আৰত শান্তি আৰু সম্প্ৰীতিৰ পৰিবেশ অক্ষুণ্ণ ৰখাৰ বাবে বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদে সৰ্বতোপ্ৰকাৰে চেষ্টা অব্যাহত ৰাখিছে বুলি মন্তব্য কৰি শ্ৰীবড়োৱে কয়, যে বড়োলেণ্ডত শান্তিৰ পৰিবেশ স্থাপন কৰাত অঞ্চলটোৰ উন্নয়নৰ বাট প্রশস্ত হৈছে। আজিৰ অনুষ্ঠানত কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মকে ধৰি ভালে কেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।