January 2, 2025 8:06 PM | Baksa

printer

বাক্সা জিলাৰ খাৰুৱাত এড়ী সূতা উৎপাদন কাৰখানা মুকলি

মহিলা সবলীকৰণৰ ক্ষেত্ৰত বি টি আৰ চৰকাৰৰ বিশেষ পদক্ষেপ হিচাপে আজি বাক্সা জিলাৰ খাৰুৱাত থকা হস্ততাঁত বস্ত্ৰ সংহত উদ্যানৰ চৌহদত এটা এড়ী সূতা উৎপাদন কাৰখানা মুকলি কৰা হয়। বি টি চিৰ মুখ্য কার্যবাহী সদস্য প্রমোদ বড়োৱে আজি এই কাৰখানাটো উদ্বোধন কৰি কয় যে গ্রামাঞ্চলৰ মহিলাসকলক অর্থনৈতিকভাৱে স্বাৱলম্বী কৰি তোলাৰ উদ্দেশ্যে এই এড়ী সূতা উৎপাদন কাৰখানা স্থাপন কৰা হৈছে। উত্তৰ-পূব আঞ্চলিক বস্ত্ৰশিল্প প্ৰচাৰ আঁচনিৰ অধীনত ১৪ কোটি ৯২ লাখ টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা এই কাৰখানাটোত দৈনিক ২০০ কিলোগ্রাম এড়ী সূতা উৎপাদন কৰিব পৰা যাব বুলি শ্ৰীবড়োৱে প্ৰকাশ কৰে ।