বজালী সংস্কৃত পৰিষদৰ উদ্যোগত বিগত বৰ্ষসমূহৰ দৰে এইবাৰো বিভিন্ন কাৰ্যসূচীৰে সংস্কৃত দিৱস উদযাপন কৰা হৈছে। পাঠশালাৰ হৰিমন্দিৰ প্ৰাঙ্গনত পৰিষদৰ অধ্যক্ষ ড০ খগেন্দ্ৰ নাথ দেৱশৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত সভাত আজি গণকপুখুৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত সংস্কৃত শিক্ষক ভৱেশ চন্দ্ৰ শৰ্মাক সম্বৰ্দ্ধনা জনোৱা হয়। অনুষ্ঠানত পাঠশালা বজাৰ কমিটীৰ সভাপতি গিৰিশ পাটগিৰি, কদমতলা হাইস্কুলৰ সংস্কৃত শিক্ষক ৰূপাংক ভট্টাচাৰ্য আদিকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি অংশগ্ৰহণ কৰে। তদুপৰি, বজালী জিলাৰ অন্তৰ্গত বিদ্যালয়সমূহৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত সংস্কৃত বিষয়ত ৮৫ শতাংশ বা ততোধিক নম্বৰ লাভ কৰা শিক্ষাৰ্থীৰ লগতে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত এই বিষয়ত সৰ্বোচ্চ নম্বৰপ্ৰাপ্ত শিক্ষাৰ্থী আৰু স্নাতক পৰ্যায়ৰ চূড়ান্ত পৰীক্ষাত সংস্কৃত মুখ্য বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰা শিক্ষাৰ্থীক আজিৰ এই অনুষ্ঠানত পুৰস্কৃত কৰা হয়।
Site Admin | August 9, 2025 10:30 PM | sanskrit divas
বজালী সংস্কৃত পৰিষদৰ উদ্যোগত সংস্কৃত দিৱস উদযাপন
