ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

April 4, 2025 12:40 PM | Bajali | Borpeta

printer

বজালী আৰু বৰপেটাত হোৱা অগ্নিকাণ্ডত বিস্তৰ এলেকাৰ ক্ষয়-ক্ষতিৰ লগতে বহু মূল্যৱান সামগ্ৰী জুইত জাহ

বজালীৰ পাঠশালাৰ নিকতৱৰ্তী মুগুৰীয়াত কালি নিশা হোৱা অগ্নিকাণ্ডত বিস্তৰ এলেকাৰ বাঁহ তথা তামোলৰ বাৰীৰ লগতে বহু মূল্যবান গছ জাহ যায়। কোনো দুৰ্বৃত্তই অগ্নি সংযোগ কৰাৰ পাছত বিস্তৃর্ণ অঞ্চল জুইয়ে চানি ধৰাত অগ্নি নির্বাপক বাহিনীৰ তিনিখন বাহনৰ সহায়ত অগ্নি নির্বাপনৰ চেষ্টা চলোৱা হ’ব।

ইপিনে, বৰপেটাৰ কয়াকুছিতো যোৱা নিশা হোৱা অগ্নিকাণ্ডত এশৰো অধিক বিপণী জাহ যায়। কয়াকুছি বজাৰত নিশা প্ৰায় ২ বজাত জুইৰ সূত্ৰপাত ঘটাত স্থানীয় জনসাধাৰণৰ লগতে অগ্নি নির্বাপক বাহিনীয়েও জুই নুমাবলৈ চেষ্টা চলায়। ঘটনাত কোনো লোক হতাহত হোৱা নাই যদিও কেইবা কোটি টকাৰ সামগ্ৰী জুইত জাহ যায়।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।