ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

বজালী আৰক্ষীৰ অভিযানত দুচকীয়া বাহন চুৰিত জড়িত আন্তঃৰাষ্ট্ৰীয় চক্র উৎখাত, ৬জনক আটক

বজালী আৰক্ষীয়ে অভিযান চলাই দুচকীয়া বাহন চুৰিকাৰ্যত জড়িত এটা আন্তঃৰাষ্ট্ৰীয় চক্র উৎখাত কৰিবলৈ সমৰ্থ হয়। বজালীৰ আৰক্ষী অধীক্ষক অজাগৌৰণ বসুমতাৰীয়ে আজি এখন সংবাদ মেলযোগে কয়, যে যোৱা নিশা চক্ৰটোৰ মুঠ ছজন চোৰক কৰায়ত্ত কৰা হয়। চক্ৰটোৱে অসমকে ধৰি বিভিন্ন ৰাজ্য তথা চুবুৰীয়া দেশ বাংলাদেশত চুৰি বাহনসমূহ সৰবৰাহ কৰি আহিছে বুলিও আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়ে। অভিযানৰ সময়ত তিনিখন মটৰচাইকেল, মেঘালয়ৰ বহুকেইখন অবৈধ নম্বৰ প্লেট, বাহনৰ চাবিকে ধৰি বহু আপত্তিজনক সামগ্ৰী আৰু নথি জব্দ কৰা হয়। জিলাখনৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ত্রিনয়ন ভূঞা, পাঠশালা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অনুপজ্যোতি পাটিৰি আৰু উপ-পৰিদৰ্শক বিষ্ণু কমল ভূঞাৰ নেতৃত্বত বজালী আৰক্ষীৰ এটা দলে বাক্সাৰ বাগানপাৰাত অভিযান চলাই চোৰ ছজনক কৰায়ত্ত কৰিবলৈ সমৰ্থ হয়।