নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে অভিযান চলাই বজালী আৰক্ষীয়ে কালি সন্ধিয়া বুজন পৰিমাণৰ নিচাযুক্ত দ্রব্য জব্দ কৰাৰ লগতে এজন সৰবৰাহকাৰীক আটক কৰিবলৈ সমর্থ হয়। বজালী জিলা আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ত্রিনয়ন ভূঞাই আজি এখন সংবাদ মেলত কয় যে বজালী আৰক্ষীয়ে নিৰ্ভৰযোগ্য সূত্ৰৰ ভিত্তিত কালি জিলাখনৰ ৰাজঘাট-কঁহৰা অঞ্চলৰ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলাই নিচাযুক্ত দ্রব্য সৰবৰাহকাৰী এজন লোকক আটক কৰাৰ লগতে সৰবৰাহকাৰীজনৰ পৰা ৭ কিলোগ্ৰামতকৈও অধিক পৰিমাণৰ নিচাযুক্ত দ্রব্য জব্দ কৰে। আৰক্ষী অধীক্ষকগৰাকীয়ে জনোৱা মতে ধৃত সৰবৰাহকাৰীজন বৰপেটা জিলাৰ সৰ্থেবাৰী থানাৰ অন্তৰ্গত ভেৰগাঁৱৰ ইছাক আলী। অভিযুক্ত ইছাক আলীক আজি আদালতত হাজিৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰা হয়। এই সৰবৰাহৰ সৈতে জড়িত থকা আন ব্যক্তিসকলক আটক কৰিবলৈ আৰক্ষীয়ে অনুসন্ধান চলাই থকাৰ কথাও সংবাদমেলখনত অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে প্ৰকাশ কৰে।
Site Admin | December 16, 2025 6:50 PM | Bajali
বজালীত বুজন পৰিমাণৰ নিচাযুক্ত দ্রব্য জব্দ কৰাৰ লগতে এজন সৰবৰাহকাৰীক আটক