May 22, 2025 6:42 PM | Bajali

printer

বজালী জিলাৰ আয়ুক্ত কাৰ্যালয়ত কেইবাটাও বিভাগৰ মুৰববী বিষয়াসকলৰ লগত প্ৰশান্ত ফুকনৰ পর্যালোচনা বৈঠক

ৰাজ্যৰ শক্তি মন্ত্ৰী প্ৰশান্ত ফুকনে আজি বজালী জিলাৰ আয়ুক্ত কাৰ্যালয়ত জিলাখনৰ আয়ুক্ত মৃদুল কুমাৰ দাস, জিলা উন্নয়ন আয়ুক্ত আশ্বৰাফুল আমিন আদিকে ধৰি কেইবাটাও বিভাগৰ মুৰববী বিষয়াসকলৰ লগত পর্যালোচনা বৈঠকত মিলিত হয়। জিলাখনৰ অভিভাৱক মন্ত্ৰী শ্ৰীফুকনে সমাজ কল্যাণ, লোক নির্মাণ, উদ্যোগ, কৃষি, শিক্ষা, ৰাজহ আৰু দক্ষতা বিকাশ বিভাগত অগ্ৰাধিকাৰ দি সেই বিভাগসমূহৰ আঁচনিসমূহ বিশেষকৈ অৰুণোদয়, মিছন বসুন্ধৰা, শস্য ক্রয়, অংগনবাড়ী কেন্দ্ৰ, একলব্য মডেল ৰেছিডেন্সিয়েল স্কুল আদি ক্ষীপ্ৰ ৰূপায়ণ সন্দৰ্ভত দিহা-পৰামৰ্শ আগবঢ়ায়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।