November 22, 2024 8:25 PM | Badminton

printer

চিৰাগ চেট্টী আৰু সাত্বিকছাইৰাজ ৰণকীৰেড্ডি চাইনা মাষ্টাৰ্ছ বেডমিণ্টন প্রতিযোগিতাৰ পুৰুষৰ ডাবলছৰ ছেমি ফাইনেলত প্ৰৱেশ

ভাৰতৰ চিৰাগ চেট্টী আৰু সাত্বিকছাইৰাজ ৰণকীৰেড্ডিৰ যুটীটো চাইনা মাষ্টাৰ্ছ বেডমিণ্টন প্রতিযোগিতাৰ পুৰুষৰ ডাবলছৰ ছেমি ফাইনেলত প্ৰবেশ কৰিছে। চিৰাগ আৰু সাত্বিকছাইৰাজৰ যুটীটোৱে আজি কোৱাৰ্টাৰ ফাইনেলত ডেনমার্কৰ প্ৰতিদ্বন্দ্বীক ২১-১৬, ২১-১৯ গেমত পৰাস্ত কৰে। ইপিনে, পুৰুষৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত লক্ষ্য সেন সম্প্রতি ডেনমাৰ্কৰ এণ্ডাৰ্ছ এণ্টেনছেনৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে।