January 21, 2026 12:25 PM | Badminton

printer

ভাৰতৰ অনমোল খৰব আৰু আকর্ষি কাশ্যপৰ ইণ্ডোনেছিয়া মাষ্টাৰ্ছ বেডমিন্টন প্রতিযোগিতাৰ মহিলাৰ ছিংগলছৰ মূল পর্যায়ত প্রৱেশ

ভাৰতৰ অনমোল খৰব আৰু আকর্ষি কাশ্যপ ইণ্ডোনেছিয়া মাষ্টাৰ্ছ বেডমিন্টন প্রতিযোগিতাৰ মহিলাৰ ছিংগলছৰ মূল পর্যায়ত প্রবেশ কৰিছে। অনমোলে কালি ইস্তোৰা চেনায়ানত অনুষ্ঠিত এখন ৰোমাঞ্চকৰ খেলত কানাডাৰ বেন য়ু ঝাঙক ২১-১৮, ২০-২২, ২১-১৯ গেমত পৰাস্ত কৰে। একেদৰে, আকর্ষিয়ে ভাৰতৰে আন এগৰাকী খেলুৱৈ ঈষাৰাণী বৰুৱাক ২১-১৩, ২১-১৭ গেমত পৰাভূত কৰি মূল পর্যায়ত স্থান নিশ্চিত কৰে।