November 20, 2025 12:54 PM | Badminton

printer

অষ্ট্ৰেলিয়ান অপেন SUPER-500 বেডমিন্টন প্রতিযোগিতাত লক্ষ্য সেন আৰু এইচ এছ প্রণয় পুৰুষৰ ছিংগলছৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ

ছিডনীত অনুষ্ঠিত অষ্ট্ৰেলিয়ান অপেন SUPER-500 বেডমিন্টন প্রতিযোগিতাত ভাৰতৰ লক্ষ্য সেন আৰু এইচ এছ প্রণয়ে পুৰুষৰ ছিংগলছৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। ২০২৪ৰ পেৰিছ অলিম্পিকত ছেমি ফাইনেলত প্রবেশ লক্ষ্য সেনে চীনা টাইপেইৰ ছু-লি-য়াঙক ২১-১৭, ২১-১৩ গেমত পৰাস্ত কৰি দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। আনহাতে প্রণয়ে ইণ্ডোনেছিয়াৰ য়হানেছ ছাউট মার্চেলিনক ৬-২১, ২১-১২, ২১-১৭ গেমত পৰাস্ত কৰি দ্বিতীয় ৰাউণ্ডত স্থান নিশ্চিত কৰে। পূৰ্বৰ বিশ্বৰ এক নম্বৰ খেলুৱৈ শ্ৰীকান্তে চীনা টাইপেইৰ লি-ছিয়া-হাওক পৰাস্ত কৰি ইতিমধ্যেই প্রি-কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।