October 17, 2025 8:17 PM | Badminton

printer

বি ডব্লিউ এফ বৰ্ল্ড জুনিয়ৰ বেডমিন্টন চেম্পিয়নশ্বিপৰ মহিলাৰ ছিংগলছত তনভী শর্মা ছেমি ফাইনেলত প্রবেশ

ভাৰতৰ শীৰ্ষ বাছনি প্রাপ্ত তনভী শর্মাই গুৱাহাটীত অনুষ্ঠিত বি ডব্লিউ এফ বৰ্ল্ড জুনিয়ৰ বেডমিন্টন চেম্পিয়নশ্বিপৰ মহিলাৰ ছিংগলছৰ ছেমি ফাইনেলত প্রবেশ কৰি পদক নিশ্চিত কৰিছে। তনভী শর্মাই আজি কোৱাৰ্টাৰ ফাইনেলত জাপানৰ শ্বাকি মাটছুমটোক ১৩-১৫, ১৫-৯, ১৫-১০ গেমত পৰাস্ত কৰে। অৱশ্যে ভাৰতৰ আন এগৰাকী খেলুৱৈ উন্নতি হুদা থাইলেণ্ডৰ অন্যাপট ফিচিটফোনৰ হাতত ১২-১৫, ১৩-১৫ গেমত পৰাজিত হৈ প্রতিযোগিতাৰ পৰা বাহিৰ হৈছে। একেদৰে মিক্সড্ ডাবলছত ভাব্য ছাব্রা আৰু বিশাখা টপ্পোৰ যুটাটো আজি চীনা টাইপেইৰ হাং বিংফু আৰু শ্বৌ য়ুন য়ানৰ হাতত ৯-১৫, ৭-১৫ গেমত পৰাজিত হয়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।