আজি টকিঅ’ত আৰম্ভ হ’বলগীয়া জাপান অ’পেন ছুপাৰ-750 প্রতিযোগিতাত ভাৰতৰ শীর্ষ বেডমিণ্টন যুটি সাত্বিক-ছাইৰাজ ৰেংকিৰেড্ডী আৰু চিৰাগ শ্বেট্টীয়ে ডাবলচ্ শাখাত দেশক প্রতিনিধিত্ব কৰিব।
মালয়েছিয়া অ’পেন, ইণ্ডিয়া অ’পেন তথা ছিংগাপুৰ অ’পেনৰ ছেমি ফাইনেলত আৰু ইণ্ডোনেছিয়া অ’পেনৰ কোৱাৰ্টাৰ ফাইনেল পৰ্যায়ত শেহতীয়াকৈ বিদায় ল’বলগীয়া হোৱা বিশ্বৰ ১৫ নং স্থানৰ যুটীটো এই প্ৰতিযোগিতাত অধিক উন্নত প্রদর্শনেৰে বৰ্ষটোৰ প্ৰথম খিতাপ দখলৰ লক্ষ্যৰেই খেলিবলৈ নামিব। যুটীটোৱে কোৰিয়াৰ কাং মিন হু্যক্ আৰু কি ডং জুৰ বিৰুদ্ধে খেলিব।
লক্ষ্য সেন আৰু পিভি সিন্ধুৱে শেহতীয়া আঘাতৰ পাছত এই প্রতিযোগিতাতেই শক্তিশালী প্ৰত্যাৱৰ্তন কৰাৰ আশা কৰা হৈছে। বিশ্বৰ ১৮ নম্বৰ স্থানত থকা লক্ষ্যই একক শাখাৰ নিজৰ প্ৰথমখন খেলত চীনৰ ৱাং ঝেং জিঙৰ বিৰুদ্ধে আৰু ১৬ নম্বৰ স্থানৰ সিন্ধুৱে কোৰিয়াৰ ছিম ইউ জিনৰ বিৰুদ্ধে খেলিব ৷
টাইপেই অ’পেনত ছেমি ফাইনেলত প্ৰৱেশ কৰি চমক দিয়া উন্নতি হুডাই প্রথমখন খেলত সপ্তম বাছনিৰ থাইলেণ্ডৰ পৰ্ণপাৱি চ’চুৱঙৰ বিৰুদ্ধে তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে । ইপিনে, উদ্বোধনী ৰাউণ্ডৰ আন এখন খেলত অনুপমা উপাধ্যায় ভাৰতৰেই ৰক্ষিতা ৰামৰাজৰ সন্মুখীন হ’ব।
পুৰুষৰ ডাবলছত হৰিহৰণ আম-ছাকানন আৰু ৰুবন কুমাৰ তৃতীয় বাছনিৰ কোৰিয়াৰ কিম্ ৱন হো আৰু ছিও চেউং জেৰ বিৰুদ্ধে খেলিব। মহিলাৰ ডাবলছত কৰিপ্ৰিয়া চেলভাম্ আৰু ছিমৰন্ সিংঘীয়ে হংকঙৰ লুই লোক আৰু ছাং হিউ য়ানৰ বিৰুদ্ধে তথা পাণ্ডা ভগ্নীদ্বয় ৰুতাপৰ্ণা আৰু শ্বেতাপৰ্ণা জাপানৰ কোকোনা ইছিকাৱা আৰু মাইকো কাৱাজোৱেৰ সন্মুখীন হ’ব। অৱশ্যে মিক্সড্ ডাবলছত কোনো ভাৰতীয় খেলুৱৈয়ে এইবাৰ প্ৰতিদ্বন্দিতা নকৰে।