ডাউনলোড
মোবাইল এপ

android apple
signal

June 30, 2025 12:07 PM | Badminton

printer

আয়ুষ চেট্টীৰ ইউ এছ অপেন বেডমিণ্টন প্রতিযোগিতাৰ খিতাপ দখল

২০ বছৰীয়া আয়ুষ চেট্টীয়ে ইউ এছ অপেন বেডমিণ্টন প্রতিযোগিতাৰ খিতাপ দখল কৰি চলিত বৰ্ষৰ বি ডব্লিউ এফ ৱৰ্ড ট্যুৰৰ খিতাপ দখল কৰা প্ৰথমগৰাকী ভাৰতীয় হিচাপে ইতিহাস ৰচনা কৰিছে ইউ এছ অপেন ফাইনেলত আয়ুষে কানাডাৰ ব্রিয়ান য়েঙক ২১-১৮, ২১-১৩ গেমত পৰাজিত কৰি এই খিতাপ অৰ্জন কৰে।

প্রতিযোগিতাৰ মহিলাৰ ছিংগলছত ভাৰতৰ তনবী শৰ্মাই শীর্ষ বাছনিৰ বেইৱেন ঝেঙৰ বিৰুদ্ধে ১১-২১, ২১-১৬, ১০-২১ গেমত পৰাজিত হৈ ৰানাৰ আপৰ খিতাপ দখল কৰে।

অধিক পঢ়ক

সকলো চাওক