ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

June 6, 2025 12:35 PM | Badminton

printer

চিৰাগ ছেট্টি আৰু সাত্বিক সাইৰাজ ইণ্ডোনেছিয়া অপেন বেডমিণ্টন প্রতিযোগিতাৰ ডাবলছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

ভাৰতৰ চিৰাগ ছেট্টি আৰু সাত্বিক সাইৰাজ ৰণকীৰেড্ডীৰ যুটীটো ইণ্ডোনেছিয়া অপেন বেডমিণ্টন প্রতিযোগিতাৰ ডাবলছৰ কোৱাৰ্টাৰ ফাইনেলত আজি মালয়েছিয়াৰ মান ৱেই ছং আৰু টি কাই ৱনৰ মুখামুখি হব। ইয়াৰ পূৰ্বে চিৰাগ আৰু সাত্বিক সাইৰাজৰ যুটীটোৱে জাকাৰ্টাত অনুষ্ঠিত প্রি-কোৱাৰ্টাৰ ফাইনেলত ডেনমাৰ্কৰ ৰাচমছ কেজৰ আৰু ফ্রেড্রিক ছোগাৰ্ডৰ যুটীটোক ২-১ গেমত পৰাস্ত কৰে। মহিলাৰ ছিংগলছৰ প্ৰি- কোৱাৰ্টাৰ ফাইনেলত ভাৰতৰ আগশাৰীৰ বেডমিণ্টন খেলুৱৈ পি ভি সিন্ধু থাইলেণ্ডৰ পোৰ্ণপাৱি চোছুৱঙৰ হাতত ১-২ গেমত পৰাভূত হয়। একেদৰে মহিলাৰ ডাবলছৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত ত্রিষা জলী আৰু গায়ত্ৰী গোপীচান্দৰ যুটীটো জাপানৰ ম্যু মাৎসুমোটো আৰু য়ুকি ফুকুছিমাৰ হাতত পৰাজিত হৈ প্ৰতিযোগিতাৰ পৰা বাহিৰ হয়।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।