ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

March 5, 2025 12:40 PM | Badminton

printer

কিদাম্বি শ্রীকান্তৰ ২০২৫ অৰলিন্স মাষ্টাৰ্ছ বেডমিণ্টনৰ মূল প্রতিযোগিতাত স্থান নিশ্চিত

ভাৰতৰ কিদাম্বি শ্রীকান্তে ফ্ৰান্সৰ অৰলিন্সত অনুষ্ঠিত ২০২৫ অৰলিন্স মাষ্টাৰ্ছ বেডমিণ্টন প্রতিযোগিতাৰ যোগ্যতা নির্ণয়কাৰী নিজৰ দুয়োখন খেলতে জয়লাভ কৰি মূল প্রতিযোগিতাত স্থান নিশ্চিত কৰিছে। কালি খেলুৱৈগৰাকীয়ে বিশ্বৰ ৫২ নম্বৰ স্থানৰ মেড্‌জ ক্রিষ্ট’ফেৰ্ছেনক ২১–৮, ২১-১৪ আৰু বিশ্বৰ ৬৩ নম্বৰ বাছনিৰ আনৰ্ড মের্কলেক ২১-১১, ১৪-২১, ২১-১২ গেমত পৰাস্ত কৰে। ভাৰতৰ আন এগৰাকী খেলুৱৈ শংকৰ সুব্রমণিয়মেও মূল প্রতিযোগিতালৈ যোগ্যতা অৰ্জন কৰিছে। সুব্রমণিয়মে মেগনাজ জোহানেছেনক ২১-১৯, ১৯-২১, ২১–১৯ গেমত আৰু সতীৰ্থ ঋত্বিক সঞ্জীৱি সতীশ কুমাৰক ২১-১৮, ২১-১২ গেমত পৰাস্ত কৰে। অৱশ্যে ভাৰতৰ তৰুণ মান্নেপালিয়ে প্ৰতিযোগিতাৰ পৰা বিদায় লৈছে।

মহিলাৰ শাখাত ভাৰতৰ টানিয়া হেমন্তে নিজৰ প্ৰথমখন খেলত জয়লাভ কৰিলেও দ্বিতীয়খনত পৰাস্ত হয়৷ তৃতীয় বাছনিৰ আকর্ষি কাশ্যপো পৰাজিত হৈছে। উন্নতি হোডা আৰু ঈষা ৰাণী বৰুৱাইও নিজৰ দুয়োখন খেলত জয়ী হৈ মূল প্ৰতিযোগিতালৈ জয়ী হৈছে।