অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বি-বার্ষিক অধিৱেশনৰ আজি দ্বিতীয় দিন

বজালী জিলাৰ পাঠশালাৰ ভট্টদেৱ ক্ষেত্ৰত অনুষ্ঠিত অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বি-বার্ষিক অধিৱেশনৰ আজি দ্বিতীয় দিনা অসম সাহিত্য সভাৰ সভাপতি ড০ সূর্যকান্ত হাজৰিকাই মূল পতাকা উত্তোলন কৰাৰ লগতে আন বিশিষ্ট ব্যক্তিসকলে পতাকা বেদীৰ প্ৰথম চক্ৰত ৭৭ খন আৰু দ্বিতীয় চক্ৰত ১০৮ খন পতাকা উত্তোলন কৰে।

উল্লেখযোগ্য যে সাহিত্য সভাৰ ইতিহাসত এইবেলি প্ৰথমবাৰৰ বাবে বিজ্ঞান মেলাৰ সংযোজন কৰা হৈছে। কর্ণেল গুৰুপ্ৰসাদ দাস বিজ্ঞান মেলা হিচাপে নামকৰণ কৰা এই মেলা মন্ত্ৰী কেশৱ মহন্তই উদ্বোধন কৰে। এই অনুষ্ঠানৰ সৈতে সংগতি ৰাখি আয়োজিত সভাত অসম লোকসেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ ভাৰতভূষণ দেৱচৌধুৰীয়ে মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰি কৰ্ণেল গুৰুপ্ৰসাদ দাসক অসমৰ প্ৰথমগৰাকী মেকানিকেল ইঞ্জিনিয়াৰ বুলি অভিহিত কৰে। তেওঁৰ প্ৰতিভা দেখি ইংৰাজ চৰকাৰে তত্ত্বাৱধান লৈ ইংলেণ্ডলৈ অভিযান্ত্রিক পাঠ্যক্রম অধ্যয়নৰ বাবে পঠিয়াই দিয়াৰ পাছত এইগৰাকী ব্যক্তিয়ে ব্ৰিটিছ নৌসেনা বাহিনীৰ ছাবমেৰিন চলাই পাৰদৰ্শিতা দেখুৱাইছিল বুলি বক্তাগৰাকীয়ে উল্লেখ কৰে। তেওঁ লগতে কয়, যে ৰে’ল ইঞ্জিনৰ ভেকুৱাম ব্ৰেক আৱিষ্কাৰ কৰি সমগ্ৰ বিশ্বতে চমক সৃষ্টি কৰাৰ লগতে ৰে’লৰ কাৰিকৰী বিভাগৰ কেইবাবিধো নতুন সামগ্ৰী আৱিষ্কাৰ কৰা অসমৰ এই বিজ্ঞানীগৰাকী পাছলৈ কলকাতাৰ মেয়ৰ পদতো অধিষ্ঠিত হৈছিল। সাহিত্য সভাৰ বাকৰিত কালি কৈলাশ মল্লবৰুৱা সোঁৱৰণী গ্ৰন্থমেলাৰ দ্বাৰ উন্মোচন কৰে বিশিষ্ট সাহিত্যক তথা তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন সম-উপাচার্য ড০ অমৰ জ্যোতি চৌধুৰীয়ে।

সাহিত্য সভাৰ অধিৱেশনৰ কাইলৈ তৃতীয় দিনা হ’বলগীয়া সাংস্কৃতিক শোভাযাত্ৰাত বৰ অসমৰ আৰ্হিৰ প্ৰতিফলন ঘটোৱা হ’ব। দুখন বাহনত প্রতীকী ৰূপত বজালীৰ ঐতিহাসিক ডুবি দেৱালয়, ভোগেশ্বৰী মন্দিৰ আৰু এছিয়াৰ দ্বিতীয় সৰ্ববৃহৎ জালিখাটাৰ বটগছৰ লগতে অসমৰ ভিন্ন কলা- সংস্কৃতি আটকধুনীয়া ৰূপত তুলি ধৰা হ’ব বুলি উদ্যোক্তাসকলৰ উদ্ধৃতিৰে তেওঁ জানিবলৈ দিয়ে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।