ওদালগুৰি জিলাৰ টংলাত অসম সাহিত্য সভাৰ ষষ্ট পূৰ্ণাংগ কেন্দ্রীয় কার্যনির্বাহক

ওদালগুৰি জিলাৰ টংলাত আজিৰেপৰা আৰম্ভ হোৱা অসম সাহিত্য সভাৰ ষষ্ট পূৰ্ণাংগ কেন্দ্রীয় কার্যনির্বাহকত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে অংশগ্ৰহণ কৰে। শ্ৰী দৈমাৰীয়ে সাহিত্য সভাই অসমৰ জাতীয় জীৱনৰ দিক্‌ নির্ণায়ক অনুষ্ঠান হিচাপত কাম কৰি আহিছে বুলি মন্তব্য কৰে। বিধানসভাৰ অধ্যক্ষগৰাকীয়ে এটা ভাষা জাতিৰ অস্তিত্ব স্বৰূপ বুলি মন্তব্য কৰি কয় যে সাহিত্য অবিহনে ভাষা জীয়াই ৰখাটো অসম্ভৱ। অসম সাহিত্য সভাৰ পতাকা উত্তোলনেৰে আৰম্ভ হোৱা আজিৰ কাৰ্যসূচীৰ অসম সাহিত্য সভাৰ সভাপতি সূর্যকান্ত হাজৰিকাই শুভাৰম্ভ কৰে। পতাকা উত্তোলন কৰি দিয়া ভাষণত ড° হাজৰিকাই অসমীয়া ভাষা সাহিত্য উন্নয়নৰ লগতে সাধাৰণ মানুহৰ মাজত সুপ্ত হৈ থকা সৃজনীমূলক সৃষ্টিৰাজিক উদ্ভাসিত কৰিবলৈ আৰু বিভিন্ন জাতি-জনগোষ্ঠীৰ সমন্বয়ৰ বাবে অসম সাহিত্য সভাই অহোপুৰুষাৰ্থ কৰি যাব বুলি ব্যক্ত কৰে। অধিৱেশনত অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰতিনিধি উপস্থিত থকাৰ লগতে কুঁহি, ৰামধেনু আৰু আকাশ অনুষ্ঠানৰ সদস্যৰ উপস্থিতিৰে আজীৱন সভ্য সন্মিলন অনুষ্ঠিত হয়। কাইলৈ সাহিত্য সভাৰ পূৰ্ণাংগ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হ’ব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।