ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

November 4, 2024 12:25 PM | Awashini Biashnav

printer

অমৃত ভাৰত ষ্টেচন পুনৰ উন্নয়নৰ আঁচনিৰ অধীনত ১৩৩৪ টা ষ্টেচনৰ পুনৰ বিকাশৰ কাম অব্যাহত : অশ্বিনী বৈষ্ণৱ

ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে নতুন প্ৰযুক্তিৰ ব্যৱহাৰ, অহা বছৰ সম্পূৰ্ণ হৈ উঠিবলগীয়া বৈদ্যুতিকৰণ তথা আধুনিক ৰে’ল ব্যৱস্থাৰ জৰিয়তে পৰৱৰ্তী ৫ৰ পৰা ৭ বছৰৰ ভিতৰত দেশত ৰে’ল ভ্ৰমণ খণ্ডত বৃহৎ পৰিৱৰ্তন পৰিলক্ষিত হ’ব বুলি আশা প্ৰকাশ কৰিছে। কোজিক’ডেত কালি সন্ধিয়া মন্ত্ৰীগৰাকীয়ে এটা বিশেষ অনুষ্ঠান মুকলি কৰে। তেওঁ কয় যে, অমৃত ভাৰত ষ্টেচন পুনৰ উন্নয়নৰ আঁচনিৰ অধীনত এক লাখ কোটি টকা ব্যয় সাপেক্ষে এহেজাৰ ৩৩৪ টা ষ্টেচনৰ পুনৰ বিকাশৰ কাম অব্যাহত আছে। তেওঁ কয় কয় যে, চৰকাৰে অপাৰ সৃষ্টিশীল সম্ভাৱনা মুকলি কৰাৰ উদ্দেশ্যে বিভিন্ন প্ৰান্তত এলানি ভাৰতীয় উদ্ভাৱনীমূলক প্রযুক্তি প্রতিষ্ঠান স্থাপন কৰাৰ পৰিকল্পনা কৰিছে। কোজিক’ডে ৰেল ষ্টেচনৰ সৈতে সংলগ্ন এটা তথ্যপ্রযুক্তি কেন্দ্ৰও স্থাপন কৰা হ’ব বুলি তেওঁ সদৰী কৰে। এই উদ্দেশ্যে ৰেল বিভাগৰ অধীনৰ ৫ একৰ ভূমি চিহ্নিত কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।