ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ভাৰতীয় গণ সংযোগ প্রতিষ্ঠানত ৫০০ সংখ্যক সামূহিক অনাতাঁৰ কেন্দ্ৰৰ শুভাৰম্ভ অশ্বিনী বৈষ্ণৱৰ

কেন্দ্ৰীয় চৰকাৰৰ এক্ট ইষ্ট নীতিৰ অধীনৰ উল্লেখযোগ্য পদক্ষেপৰ অংশ হিচাপে তথ্য আৰু সম্প্ৰচাৰ মন্ত্রী অশ্বিনী বৈষ্ণৱে আজি মিজোৰামৰ আইজলত থকা ভাৰতীয় গণ সংযোগ প্রতিষ্ঠান অর্থাৎ আই আই এম চিত ৫০০ সংখ্যক সামূহিক অনাতাঁৰ কেন্দ্ৰৰ শুভাৰম্ভ কৰে। তেওঁ লগতে এই অনুষ্ঠানতে দশম ৰাষ্ট্ৰীয় সামূহিক অনাতাঁৰ বঁটাও ঘোষণা কৰে। অপনা ৰেডিঅ’ ৯০.০ এফ এম শীৰ্ষক এই অনাতাঁৰ কেন্দ্ৰৰ শুভাৰম্ভ অনুষ্ঠানত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ ৰাজ্যমন্ত্ৰী বি এল মুৰুগান আৰু মিজোৰামৰ মুখ্যমন্ত্ৰী লালডুহোমা উপস্থিত থাকে । অনুষ্ঠানত অংশ লৈ দিয়া ভাষণত কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতৰ সামূহিক অনাতাঁৰ সেৱাৰ ক্ষেত্ৰত মাইলৰ খুঁটিসদৃশ এই পদক্ষেপে অনাতাঁৰ সেৱাই সামৰি ল’বলগীয়া অঞ্চলসমূহৰ জনসাধাৰণৰ জীৱনত ইতিবাচক পৰিৱৰ্তন সাধন কৰিব। মন্ত্ৰীগৰাকীয়ে নিজৰ ভাষণত লগতে সংসদত উত্থাপন হোৱা ২০২৪- ২৫ বৰ্ষৰ বাজেটে উত্তৰ পূৰ্বাঞ্চলৰ ৰে’লৱে খণ্ডৰ বাবে অভিলেখ পৰিমাণৰ আবণ্টন দিছে বুলি মন্তব্য কৰে । তেওঁ কয় যে ইয়াৰ ফলত মিজোৰামত উন্নত ৰেল যোগাযোগৰ বাবে বহু প্রত্যাশিত সপোন বাস্তৱায়িত হ’ব অনুষ্ঠানত দিয়া ভাষণত তথ্য আৰু সম্প্ৰচাৰ দপ্তৰৰ ৰাজ্যমন্ত্ৰী শ্ৰীমুৰুগানে কয় যে ব্যক্তিগত ৰেডিঅ’ ষ্টেছনসমূহৰ বাণিজ্যিক উদ্দেশ্যৰ বিপৰীতে সামূহিক অনাতাঁৰ কেন্দ্ৰই সকলো শ্ৰেণীৰ জনসাধাৰণৰ বাবে অনুষ্ঠান প্ৰচাৰ কৰে৷

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।