সন্তোষ কুমাৰ কৰ্মকাৰ সোঁৱৰণি ৰাজ্যিক বঁটা, ২০২৫ এইবেলি বিশিষ্ট কবি আৰু ঔপন্যাসিক ডাঃ নীলাক্ষী চলিহা গগৈক প্রদান কৰা হ’ব। সন্তোষ কুমাৰ কৰ্মকাৰ সোঁৱৰণি ন্যাসে আগবঢ়াই অহা এই বঁটা প্রদান অনুষ্ঠানটি কাইলৈ গুৱাহাটীৰ কটন এল’মনাই ভৱনত অনুষ্ঠিত হ’ব। বঁটা প্রদান অনুষ্ঠানত অধ্যাপক উষাৰঞ্জন ভট্টাচার্য সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব। জনপ্রিয় ঔপন্যাসিক ড° নন্দিতা দেৱী, আকাশবাণীৰ প্ৰাক্তন বিষয়া তথা কবি ৰাজীৱ বৰুৱা আৰু অৱসৰপ্ৰাপ্ত জিলা আৰু সত্র ন্যায়াধীশ খগেন দহোটীয়াও এই অনুষ্ঠানত উপস্থিত থাকিব বুলি ন্যাসৰ উপদেষ্টা তথা ঔপন্যাসিক নবীন বৰুৱা আৰু পৰিচালন ন্যাসৰক্ষী দিপ্তী কৰ্মকাৰে জানিবলৈ দিয়ে।
Site Admin | December 6, 2025 12:20 PM | Award
ডাঃ নীলাক্ষী চলিহা গগৈক সন্তোষ কুমাৰ কৰ্মকাৰ সোঁৱৰণি ৰাজ্যিক বঁটা, ২০২৫ প্রদান