April 3, 2025 1:06 PM | Award

printer

ৰাণা প্রতাপ কলিতালৈ ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক সন্মান

২০২৪ বৰ্ষৰ ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক সন্মানসমূহ প্রদান ৰাজ্যপাল লক্ষ্মণপ্রসাদ আচার্যই আজি বিয়লি ৩ বজাত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত এটা অনুষ্ঠানত ২০২৪ বৰ্ষৰ ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক সন্মানসমূহ প্রদান কৰিব। অৱসৰপ্ৰাপ্ত সেনা বিষয়া লেফটেনেণ্ট জেনেৰেল ৰাণা প্রতাপ কলিতালৈ অসম বৈভৱ সন্মান আগবঢ়োৱা হৈছে। সংগীত শিল্পী দ্বিপেন বৰুৱা, নাট্যকাৰ হেমন্ত দত্ত, ক্ৰিকেটাৰ উমা চেত্ৰী আৰু টাটা কনচালটেন্সি ছাৰ্ভিচেছৰ প্ৰতিষ্ঠাপক অধ্যক্ষ ড° এছ ৰামডুৰাই, ৰাষ্ট্ৰীয় ফৰেনচিক বিজ্ঞান বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক ড° বাপ্পি পাল, বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ অধ্যাপিকা ড° পূৰৱী শ‍ইকীয়ালৈ অসম সৌৰভ সন্মান প্ৰদান কৰা হব। একেদৰে, শগুণৰ সংৰক্ষণৰ বাবে নিৰৱচ্ছিন্নভাৱে কাম কৰি থকা ফুলেশ্বৰী দত্ত আৰু বাইক ৰাইডাৰ মিনাক্ষী দাসকে ধৰি বিভিন্ন ক্ষেত্ৰত সমাজ জীৱনলৈ বিশেষ বৰঙণি আগবঢ়োৱা ১২গৰাকী ব্যক্তিৰ লগতে আন তিনিটা প্রতিষ্ঠানক অসম গৌৰৱ সন্মানৰ বাবে বাছনি কৰা হৈছে। এই প্রতিষ্ঠানকেইটা হৈছে কলিয়াবৰৰ চোৰেং এহেম, তিনিচুকীয়াৰ বাৰেকুৰি গাঁৱৰ হলৌ বান্দৰ সংৰক্ষণৰ বাবে অহৰ্নিশে কাম কৰি অহা ইকো-ডেভেলপ ছচাইটী আৰু বন্যহস্তীৰ হকে দীর্ঘদিনে কাম কৰি অহা নগাঁৱৰ হাতীবন্ধু।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।