ধুবুৰী আৰু গোৱালপাৰা জিলাৰ দখলীকৃত ভূমিত কাইলৈৰ পৰা উচ্ছেদ চলোৱাৰ বাবে প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কালি সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰে। সেই অনুসৰি ধুবুৰী জিলাৰ চাপৰত কাইলৈ উচ্ছেদ চলোৱা হ’ব। একেদৰে ১০ জুলাইত গোৱালপাৰাৰ পাইকান বনাঞ্চলত উচ্ছেদ অভিযান চলোৱা হ’ব। গোৱালপাৰা জিলা বন সংমণ্ডল বিষয়া তেজছ মৰিস্বামীয়ে প্ৰকাশ কৰা মতে ২০২৩ বৰ্ষৰ পৰা এতিয়ালৈ জিলাখনৰ চাৰিটা বনাঞ্চলিক এলেকাৰ অন্তৰ্গত সংৰক্ষিত বনাঞ্চলৰ ৬৫০ হেক্টৰ ভূমি দখলমুক্ত কৰা হৈছে। ইয়াৰে ২০০ হেক্টৰ ভূমিত জনবসতি থকাৰ লগতে বাকী ভূমিত বিভিন্ন শস্যৰ খেতি কৰা হৈছিল। শেহতীয়াকৈ কৃষ্ণাই বনাঞ্চলিক এলেকাৰ অন্তৰ্গত পাইকান সংৰক্ষিত বনাঞ্চলৰ ১৪০ হেক্টৰ ভূমি দখলমুক্ত কৰাৰ বাবে বন বিভাগে ব্যৱস্থা লৈছে। অঞ্চলটোত থকা এহেজাৰ ৮০টা পৰিয়ালক যোৱা বছৰৰ ডিচেম্বৰত অঞ্চলটো খালী কৰাৰ বাবে জাননী দিয়া হৈছিল। শেহতীয়াকৈ অহা ১০ জুলাইৰ পূৰ্বে এই লোকসকলক অঞ্চলটো খালী কৰিবলৈ জাননী দিয়া হৈছিল যদিও খালী নকৰিলে শীঘ্ৰেই উচ্ছেদ অভিযান চলোৱা হ’ব বুলি বন বিভাগে প্ৰকাশ কৰিছে।
Site Admin | July 7, 2025 7:03 PM | avaction
কাইলৈৰ পৰা ধুবুৰী আৰু গোৱালপাৰা জিলাৰ দখলীকৃত ভূমিত প্ৰশাসনৰ উচ্ছেদ