February 8, 2025 8:47 PM February 8, 2025 8:47 PM

views 8

ৰাজ্যৰ কেইবাখনো জিলাত খেল মহাৰণৰ দ্ৱিতীয় পৰ্যায়ৰ প্ৰতিযোগিতা আৰম্ভ

খেল মহাৰণ দ্বিতীয় পৰ্যায়ত শোণিতপুৰ জিলা পৰ্যায়ৰ প্ৰতিযোগিতাসমূহ আজি তেজপুৰ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আৰম্ভ হয়। তেজপুৰ বিধানসভা সমষ্টিৰ বিধায়ক পৃথ্বীৰাজ ৰাভাই এই প্রতিযোগিতাৰ আনুষ্ঠানিক উদ্বোধন কৰে। এই অনুষ্ঠানত জিলা আয়ুক্ত অংকুৰ ভৰালীও উপস্থিত থাকে। জিলা আয়ুক্তগৰাকীয়ে ভাষণ ...

February 8, 2025 8:45 PM February 8, 2025 8:45 PM

views 7

সৰুপেটাত অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ নাট সমাৰোহত বিহাৰ আৰু পশ্চিমবংগৰ নাট্যগোষ্ঠীৰ নাট মঞ্চস্থ

অপেচাদাৰী নাট্যগোষ্ঠী মঞ্চ সৰুপেটাৰ উদ্যোগত তিনিদিনীয়াকৈ অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ নাট সমাৰোহৰ আজি দ্বিতীয় দিনা বিহাৰ আৰু পশ্চিমবংগৰ নাট্যগোষ্ঠীয়ে নাটক মঞ্চস্থ কৰে। কালিৰে পৰা অনুষ্ঠিত এই নাট সমাৰোহ ভবানীপুৰ সমষ্টিৰ বিধায়ক ফণীধৰ তালুকদাৰে উদ্বোধন কৰে। মন্ত্ৰী ৰণজিৎ‍ কুমাৰ দাস আৰু ভবানীপুৰ সমষ...

February 8, 2025 8:43 PM February 8, 2025 8:43 PM

views 6

সৰ্থেবাৰীৰ নসত্ৰৰ কৃষ্ণগুৰু সেৱাশ্ৰমৰ ধৰ্মালোচনী সভাত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অংশগ্ৰহণ

বৰপেটা জিলাৰ সৰ্থেবাৰীৰ নসত্ৰত থকা কৃষ্ণগুৰু সেৱাশ্ৰমত আজি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে একনাম অখণ্ড পালনামৰ ধৰ্মালোচনী সভাত অংশগ্ৰহণ কৰে। আজি দুপৰীয়া সেৱাশ্ৰমখনত উপস্থিত হৈ শ্ৰীসোণোৱালে গুৰুলৈ ৰীতি অনুসাৰে শ্ৰদ্ধা জনোৱাৰ উপৰি উপাসনা গৃহত অনুষ্ঠিত প্ৰাৰ্থনাত ভাগ লয়। তাৰ পাছতে তেওঁ ধর্মালোচ...

February 8, 2025 8:42 PM February 8, 2025 8:42 PM

views 7

আকাশবাণীৰ গুৱাহাটী কেন্দ্ৰৰ কাইলৈৰ ‘চলন্তিকা’ত ‘গুৱাহাটী মহানগৰীৰ জীৱনযাত্ৰা’ শৃংখলাৰ প্ৰথমটো অনুষ্ঠান

আকাশবাণীৰ গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে কাইলৈ সন্ধিয়া ৭ বাজি ৪৫ মিনিটৰ সংবাদ চলন্তিকাত গুৱাহাটী মহানগৰীৰ জীৱনযাত্ৰা শৃংখলাৰ প্ৰথমটো অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত তথাকথিত সৰু সৰু মানুহৰ জীৱন সংগ্ৰাম- তেওঁলোকৰ নিজ মুখেৰেই শুনিবলৈ পাব। অনুষ্ঠানটোৰ উপস্থাপন আৰু পৰিকল্পনা আকাশবাণীৰ বাতৰি বিভাগৰ মু...

February 8, 2025 8:41 PM February 8, 2025 8:41 PM

views 10

ডিব্ৰুগড়ৰ খনিকৰ খেলপথাৰত ঝুমইৰ বিনন্দিনী ২০২৫ৰ মাণ্ডলিকভিত্তিক প্রশিক্ষণ

ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে আয়োজন কৰা ঝুমইৰ বিনন্দিনী ২০২৫ৰ মাণ্ডলিকভিত্তিক প্রশিক্ষণ তথা প্রদর্শন আজি ডিব্ৰুগড়ৰ খনিকৰ খেলপথাৰত অনুষ্ঠিত হয়। ডিব্ৰুগড়, তিনিচুকীয়া, চৰাইদেউ, লখিমপুৰ, ধেমাজি জিলাৰ নিৰ্বাচিত ৩ হাজাৰ ৪৭১ গৰাকী ঝুমুৰ নৃত্য শিল্পীয়ে আজিৰ অনুষ্ঠানত নৃত্য প্ৰদৰ্শন কৰে। গুৱা...

February 8, 2025 8:40 PM February 8, 2025 8:40 PM

views 7

ধেমাজি মহাবিদ্যালয়ৰ খেলপথাৰত দুদিনীয়াকৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আন্তঃমহাবিদ্যালয় খো খো প্রতিযোগিতা

ধেমাজি মহাবিদ্যালয়ৰ উদ্যোগত মহাবিদ্যালয়খনৰ খেলপথাৰত আজিৰে পৰা দুদিনীয়াকৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আন্তঃমহাবিদ্যালয় খো খো প্রতিযোগিতা অনুষ্ঠিত হৈছে। বিশ্ববিদ্যালয়খনৰ অধীনৰ ১১ খন মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে এই প্রতিযোগিতাত অংশগ্ৰহণ কৰিছে। ল'ৰা আৰু ছোৱালীৰ শাখাত মুঠ ১৭টা দলে অংশগ্ৰহণ কৰিছে। ধেম...

February 8, 2025 8:38 PM February 8, 2025 8:38 PM

views 5

ৰাষ্ট্ৰীয় ক্রীড়াত লনবল পেয়াৰ শিতানত নয়নমণি শ‍ইকীয়া আৰু বনগীতা হাজৰিকা যুটিৰ স্বর্ণ পদক

উত্তৰাখণ্ডত চলি থকা ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়াত লনবল পেয়াৰ শিতানত আজি অসমৰ নয়নমণি শ‍ইকীয়া আৰু বনগীতা হাজৰিকাৰ যুটিয়ে স্বর্ণ পদক অৰ্জন কৰিছে। এই জয়ৰ সৈতে এইবাৰৰ ক্ৰীড়া সমাৰোহত অসমে এতিয়ালৈকে তিনিটা সোণৰ পদক অৰ্জন কৰিবলৈ সমৰ্থ হয়। ইয়াৰ লগতে পুৰুষৰ এশ মিটাৰ ফাইনেলত অম্লান বৰগোহাঁয়ে ব্ৰঞ্জৰ ...

February 8, 2025 8:33 PM February 8, 2025 8:33 PM

views 12

বড়োলেণ্ড প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত কোকৰাঝাৰ, চিৰাং, বাক্সা, ওদালগুৰি জিলাক সামৰি এডভাণ্টেজ আছামৰ কর্মশালা

এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ বাবে আজি কোকৰাঝাৰত থকা বড়োলেণ্ড প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত কোকৰাঝাৰ, চিৰাং, বাক্সা আৰু ওদালগুৰি জিলাক সামৰি এখন কর্মশালা অনুষ্ঠিত হয়। কোকৰাঝাৰৰ অভিভাৱক মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম আৰু কোকৰাঝাৰৰ জিলা আয়ুক্তই এই কৰ্মশালাত অংশগ্রহণ কৰে।

February 8, 2025 8:31 PM February 8, 2025 8:31 PM

views 5

গুৱাহাটীৰ জ্যোতি চিত্ৰবনত অনুষ্ঠিত গুৱাহাটী এছিয়ান চলচ্চিত্ৰ মহোৎসৱত আলোচনা-চক্ৰ

গুৱাহাটীৰ জ্যোতি চিত্ৰবনত চলি থকা গুৱাহাটী এছিয়ান চলচ্চিত্ৰ মহোৎসৱৰ আজি দ্বিতীয় দিনা A NEW LANDSCAPE OF INDIAN CONTENPORARY INDIE CINEMA : A CRICTIC OF NEW FILM MAKERS & NEW CHALLANGES শীর্ষক এখন আলোচনা চক্র অনুষ্ঠিত হয়। এই আলোচনা চক্ৰত পৰিচালক আৰফাজ আয়ুব, শ্রুতিস্মৃতি চাংকাকতি, অভিলাস শৰ্মা...

February 8, 2025 1:35 PM February 8, 2025 1:35 PM

views 7

সমগ্র শিক্ষা অসমে শিক্ষকসকলৰ বাবে আয়োজন কৰা হস্তলিপি প্রশিক্ষণ শিবিৰ পৰিদৰ্শন শিক্ষা মন্ত্ৰীৰ

শিক্ষা মন্ত্ৰী ডা° ৰণোজ পেগুৱে আজি ধেমাজী জিলাত সমগ্র শিক্ষা অসমে শিক্ষকসকলৰ বাবে আয়োজন কৰা হস্তলিপি প্রশিক্ষণ শিবিৰ পৰিদৰ্শন কৰে। লক্ষীমপুৰ টাউন হাইস্কুলত প্রায় ২০০ গৰাকী শিক্ষকক এই শিবিৰত কৃত্রিম বুদ্ধিমত্তাৰে চালিত চফ্‌ফ্টৱেৰৰ জৰিয়তে হস্তলিপিৰ প্ৰশিক্ষণ দিয়া হৈছে। মন্ত্ৰীগৰাকীয়ে লগতে আজি ধেম...