February 16, 2025 11:22 AM February 16, 2025 11:22 AM

views 6

দিল্লীত আম আদমী পাৰ্টীৰ তিনিগৰাকী পাৰিষদৰ বিজেপিত যোগদান

দিল্লীত কালি আম আদমী পাৰ্টীৰ তিনিগৰাকী পাৰিষদে বিজেপিত যোগদান কৰে। ইয়াৰ লগে লগে বিজেপি দিল্লী পৌৰ নিগমত একক সংখ্যা গৰিষ্ঠ দলৰূপে পৰিগণিত হয়। দিল্লী পৌৰ নিগমৰ মেয়ৰৰ বাবে অহা এপ্ৰিলত নির্বাচন অনুষ্ঠিত হোৱাৰ কথা। উল্লেখযোগ্য যে আম আদমী পাৰ্টীয়ে ২০২৪ চনৰ নৱেম্বৰত অনুষ্ঠিত মেয়ৰৰ নিৰ্বাচনত তিনিটা ভোট...

February 16, 2025 11:18 AM February 16, 2025 11:18 AM

views 21

নতুন দিল্লী ৰে’লৱে ষ্টেচনত হেঁচা-ঠেলা সদৃশ ঘটনাত ১০ জনতকৈ অধিক লোক আহত

নতুন দিল্লী ৰে'লৱে ষ্টেচনত কালি বিয়লি হেঁচা-ঠেলা সদৃশ ঘটনাত ১০ জনতকৈ অধিক লোক আহত হয়। আহতসকলক চিকিৎসাৰ বাবে হাস্পতালত ভৰ্তি কৰোৱা হৈছে বুলি ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে প্ৰকাশ কৰিছে। যাত্ৰীৰ আকস্মিক ভীৰৰ বাবে এই ঘটনা হোৱা বুলি উল্লেখ কৰি ৰে'ল মন্ত্ৰীগৰাকীয়ে কৈছে, যে হেঁচা-ঠেলাৰ ঘটনাৰ এটা উচ্চ পৰ্...

February 16, 2025 11:15 AM February 16, 2025 11:15 AM

views 4

ইউৰোপে ইউক্রেইনৰ শান্তি আলোচনাত অংশগ্ৰহণ নকৰে বুলি আমেৰিকা যুক্তৰাষ্ট্ৰই ঘোষণা

ইউৰোপে ইউক্রেইনৰ শান্তি আলোচনাত অংশগ্ৰহণ নকৰে বুলি আমেৰিকা যুক্তৰাষ্ট্ৰই ঘোষণা কৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি সহায়ক তথা ৰাছিয়া আৰু ইউক্রেইনৰ বাবে থকা বিশেষ কটকী কীথ কেলাঙে জাৰ্মানীৰ মিউনিখত অনুষ্ঠিত বিশ্ব সুৰক্ষা সন্মিলনত কালি এই কথা প্ৰকাশ কৰে। অঞ্চলটোত শান্তি সুনিশ্চিত কৰাৰ বাবে ৰাষ্ট্ৰপতি ডনাল্ড ট্...

February 16, 2025 11:02 AM February 16, 2025 11:02 AM

views 8

প্ৰয়াগৰাজৰ সংগমৰ পাৰৰ মহাকুম্ভত প্ৰকৃতি আৰু পক্ষী উৎসৱ ২০২৫ ৰ আয়োজন

প্ৰয়াগৰাজৰ সংগমৰ পাৰৰ মহাকুম্ভত আজি প্ৰকৃতি আৰু পক্ষী উৎসৱ ২০২৫ ৰ আয়োজন কৰা হৈছে। আমাৰ সংবাদদাতাই জনোৱা মতে বিশ্বাস আৰু সংৰক্ষণৰ প্ৰতীক ৰূপে ডাউক প্ৰজাতিৰ ইণ্ডিয়ান স্কীমাৰ নামৰ চৰাইবিধক এই উৎসৱৰ শুভংকৰ ৰূপে বাচনি কৰা হৈছে। উত্তৰ প্ৰদেশৰ গংগা, যমুনা আৰু সম্বল নদীত এই প্ৰজাতিবিধৰ প্ৰায় এহেজাৰটা চৰ...

February 16, 2025 10:58 AM February 16, 2025 10:58 AM

views 8

ভাৰতে অকল বিশ্বৰ ভৱিষ্যত কেন্দ্ৰিক আলোচনাৰ কেন্দ্ৰই নহয়, বৰং দেশে এনে আলোচনাৰ নেতৃত্ব বহন কৰিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰকাশ

ভাৰতে অকল বিশ্বৰ ভৱিষ্যত কেন্দ্ৰিক আলোচনাৰ কেন্দ্ৰই নহয়, বৰং দেশে এনে আলোচনাৰ নেতৃত্ব বহন কৰিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। দিল্লীত কালি এটা সংবাদগোষ্ঠীয়ে আয়োজন কৰা সন্মিলনত অংশ লৈ প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়। শ্ৰী মোদীয়ে কয়, যে ভাৰতে গোলকীয় পৰ্যায়ত সম্প্রতি এনে স্থান লাভ...

February 16, 2025 10:54 AM February 16, 2025 10:54 AM

views 7

ভাৰত মণ্ডপমত ভাৰত-টেক্স ২০২৫ প্রদর্শনীত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অংশগ্ৰহণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত ভাৰত-টেক্স ২০২৫ প্রদর্শনীত ভাগ ল'ব। এই সুযোগতে শ্রী মোদীয়ে এটা সমাৱেশক সম্বোধন কৰিব। যোৱা ১৪ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত ভাৰত টেক্স ২০২৫ৰ কাইলৈ সামৰণি পৰিব। এই প্রদর্শনীত কেঁচা সামগ্রী, উৎপাদিত সামগ্ৰী আৰু আনুসংগিক সা-সঁজুলীকে ধৰি বস্ত্ৰ উদ্...

February 16, 2025 10:50 AM February 16, 2025 10:50 AM

views 14

উদ্ভাৱক আৰু উদ্যমীসকল পৰম্পৰাগত সম্প্ৰদায়মূহৰ জ্ঞানৰ ভেটিৰ প্ৰতি আওকান কৰা উচিত নহয় বুলি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ প্ৰকাশ

উদ্ভাৱক আৰু উদ্যমীসকল পৰম্পৰাগত সম্প্ৰদায়মূহৰ জ্ঞানৰ ভেটিৰ প্ৰতি আওকান কৰা উচিত নহয় বুলি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে প্ৰকাশ কৰিছে। তেওঁ লগতে পৰম্পৰাগত ক্ষুদ্ৰ সমাধান সূত্ৰৰ কথা পাহৰি নাযাবলৈ যুৱ প্ৰজন্মৰ প্ৰতি পৰামৰ্শ আগবঢ়াইছে। কালি বিয়লি ৰাঁচীৰ বিৰলা প্রযুক্তি প্রতিষ্ঠান মেছৰাৰ মহাৰজত জ...

February 15, 2025 7:53 PM February 15, 2025 7:53 PM

views 10

আই চি চি চেম্পিয়নছ ট্ৰফীৰ বাবে ভাৰতীয় ক্রিকেট দল ডুবাই অভিমুখে ৰাওনা

সমাগত আই চি চি চেম্পিয়নছ ট্ৰফীৰ বাবে ৰোহিত শর্মা নেতৃত্বাধীন ভাৰতীয় ক্রিকেট দলটো আজি ডুবাই অভিমুখে ৰাওনা হৈছে। ভাৰতে অহা ২০ ফেব্ৰুৱাৰীত বাংলাদেশৰ বিৰুদ্ধে খেলি অভিযান আৰম্ভ কৰিব। ইয়াৰ পাছতে ২৩ ফেব্ৰুৱাৰীত পাকিস্তানৰ বিৰুদ্ধে আৰু ২ মাৰ্চত নিউজিলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আঘাতৰ বাবে যশপ্রীত বুমৰাক...

February 15, 2025 7:50 PM February 15, 2025 7:50 PM

views 4

ৰনবীৰ এলাহবাদীয়াৰ শুংসূত্ৰ উলিয়াব পৰা নাই মুম্বাই আৰক্ষীয়ে

মুম্বাই আৰক্ষীয়ে ৰনবীৰ এলাহবাদীয়াৰ ম'বাইল ফোন বন্ধ হৈ থকাৰ বাবে প'ডকাষ্টাৰজনৰ শুংসূত্ৰ উলিয়াব পৰা নাই। এলাহবাদীয়াই সময় ৰাইনাৰ ইউটিউব শ্বোত পিতৃ-মাতৃৰ বিষয়ে কৰা অশোভনীয় মন্তব্যক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু এই সন্দৰ্ভত কেইবাগৰাকীও ব্যক্তিয়ে অভিযোগ দাখিল কৰিছে। ইপিনে মুম্বাই আৰক্ষীয...

February 15, 2025 7:45 PM February 15, 2025 7:45 PM

views 11

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ভাৰতীয় অর্থনীতিৰ স্পষ্ট ছবি দাঙি ধৰিছে বুলি প্ৰধানমন্ত্ৰীৰ প্ৰকাশ

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সংসদত শেহতীয়াকৈ দিয়া ভাষণত ভাৰতীয় অর্থনীতি এখন স্পষ্ট ছবি দাঙি ধৰিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। সামাজিক মাধ্যমত প্রধানমন্ত্রীয়ে বিত্ত মন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় বাজেট নতুন আয়কৰ বিধেয়ক অন্তর্ভুক্তি সন্দৰ্ভত সংসদত দিয়া ভাষণটো শ্বেয়াৰ কৰে। বি...