February 16, 2025 8:46 PM February 16, 2025 8:46 PM

views 9

গুজৰাটৰ স্থানীয় নিকায়সমূহৰ নিৰ্বাচনৰ ভোটগ্রহণ শান্তিপূর্ণভাৱে সম্পন্ন

গুজৰাটৰ স্থানীয় নিকায়সমূহৰ নিৰ্বাচনৰ ভোটগ্রহণ আজি শান্তিপূর্ণভাৱে সম্পন্ন হয়। নির্বাচন আয়োগে নির্বাচন সুকলমে অনুষ্ঠিত কৰাৰ উদ্দেশ্যে ভোটগ্রহণ কেন্দ্ৰসমূহত বিশেষ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হয়। পুৱা ৭ বজাত আৰম্ভ হোৱা ভোটগ্রহণ সন্ধিয়া ৬ বজালৈ অব্যাহত থাকে। অহা মঙলবাৰে ভোটগণনা কৰা হ'ব। জুনাগড় প...

February 16, 2025 8:42 PM February 16, 2025 8:42 PM

views 18

২২ মাৰ্চৰ পৰা আৰম্ভ হব আই পি এল টি-২০ ক্রিকেট প্রতিযোগিতা

ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদে আজি ঘোষণা কৰা আই পি এলৰ সূচী অনুসৰি অহা ২২ মাৰ্চৰ পৰা এইবাৰৰ টি-২০ ক্রিকেট প্রতিযোগিতাখন অনুষ্ঠিত হ'ব। কলকাতাৰ ইডেন গার্ডেনত হ'বলগীয়া উদ্বোধনী খেলখনত কলকাতা নাইট ৰাইডাৰ্ছ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ মুখামুখি হ'ব। দেশৰ মুঠ ১০টা স্থানত এইবাৰৰ প্ৰতিযোগিতা অনুষ্ঠিত হ'...

February 16, 2025 8:03 PM February 16, 2025 8:03 PM

views 3

কাৰ্বি আংলং জিলাৰ তাৰালাংছ’ত ৫১ সংখ্যক কাৰ্বি যুৱ মহোৎসৱ বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত

কাৰ্বি আংলং জিলাৰ ডিফুৰ সমীপৰ তাৰালাংছ'ত আজিৰে পৰা ৫১ সংখ্যক কাৰ্বি যুৱ মহোৎসৱ বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে। কাৰ্বি সাংস্কৃতিক সমাজৰ উদ্যোগত পাঁচদিনীয়া কাৰ্যসূচীৰে আয়োজিত কাৰ্বি যুৱ মহোৎসৱ কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে উদ্বোধন কৰে। উদ্বোধনী ভাষণত শ্ৰীৰংহাঙ...

February 16, 2025 7:58 PM February 16, 2025 7:58 PM

views 4

৫৬৪ গৰাকী প্ৰাৰ্থীক ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ নিযুক্তি পত্ৰ প্ৰদান

ৰাজ্য চৰকাৰে আজি অসম লোকসেৱা আয়োগৰ অধীনৰ সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ ৫৬৪ গৰাকী প্ৰাৰ্থীক বিভিন্ন বিভাগৰ নিযুক্তি পত্ৰ প্ৰদান কৰে। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত এটা অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নিযুক্তি পত্রসমূহ প্ৰদান কৰে। নিযুক্তি পত্ৰ প্ৰদান...

February 16, 2025 7:54 PM February 16, 2025 7:54 PM

views 15

ডিব্ৰুগড়ত মহিলা আৰু শিশু কল্যাণ সম্পৰ্কীয় বিভিন্ন আঁচনিৰ বিষয়ে কেন্দ্ৰীয় মন্ত্ৰী অন্নপূর্ণা দেৱী যাদৱৰ পর্যালোচনা

কেন্দ্ৰীয় মহিলা আৰু শিশু কল্যাণ দপ্তৰৰ মন্ত্ৰী অন্নপূর্ণা দেৱী যাদৱে আজি ডিব্ৰুগড়ত মহিলা আৰু শিশু কল্যাণ সম্পৰ্কীয় বিভিন্ন আঁচনিসমূহৰ বিষয়ে পর্যালোচনা কৰে। ডিব্ৰুগড় আৱৰ্ত ভৱনত অনুষ্ঠিত সংবাদমেলত মন্ত্ৰী শ্ৰীমতী যাদৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰে গ্ৰহণ কৰা বিভিন্ন উন্নয়নমূলক আঁচ...

February 16, 2025 7:50 PM February 16, 2025 7:50 PM

views 4

শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ সপ্তদশ প্রতিষ্ঠা দিৱস উদযাপন

শিক্ষামন্ত্ৰী ড০ ৰণোজ পেগুৱে আজি শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ সপ্তদশ প্রতিষ্ঠা দিৱস উদযাপন কাৰ্যসূচীত অংশগ্ৰহণ কৰে। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি ইংৰাজী, অসমীয়া চিকিৎসা বিজ্ঞানৰ আধুনিক অভিধান শীৰ্ষক গ্ৰন্থ উন্মোচন কৰা হয়। এই গ্ৰন্থখনৰ জৰিয়তে চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ্থী, গৱেষক তথ...

February 16, 2025 7:40 PM February 16, 2025 7:40 PM

views 17

অসমলৈ বিদেশী বিনিয়োগকাৰীক আকৰ্ষণ কৰাৰ ক্ষেত্ৰত বিভিন্ন ৰাষ্ট্ৰৰ ভ্রমণজনিত সতর্কতা বিধি পুনৰীক্ষণৰ বাবে কেইবাখনো ৰাষ্ট্ৰই ব্যৱস্থা গ্ৰহণ কৰিছে বুলি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ

অসমলৈ বিদেশী বিনিয়োগকাৰীক আকৰ্ষণ কৰাৰ ক্ষেত্ৰত বিভিন্ন ৰাষ্ট্ৰত অসমৰ আইন শৃংখলা পৰিস্থিতি সন্দৰ্ভত বাহাল থকা ভ্রমণজনিত সতর্কতা বিধি পুনৰীক্ষণৰ বাবে কেইবাখনো ৰাষ্ট্ৰই ব্যৱস্থা গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কালি এডভান্টেজ আচামৰ দ্বিতীয় সংস্কৰণৰ জৰিয়তে ৰাজ্যখনলৈ বিদেশী বিনিয়োগকাৰ...

February 16, 2025 7:37 PM February 16, 2025 7:37 PM

views 9

সোমবাৰে কোকৰাঝাৰত অসম বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰথম দিনৰ কাৰ্যসূচী

অসম বিধানসভাৰ বাজেট অধিৱেশনৰ কাইলৈ প্ৰথম দিনৰ কাৰ্যসূচী কোকৰাঝাৰত অনুষ্ঠিত হ'ব। বিটিচিৰ বিধায়িনী ভৱনত ৰাজ্যপালৰ অভিভাষণেৰে অধিৱেশনৰ প্ৰথম দিনৰ কাৰ্যসূচী আৰম্ভ হ'ব। বিধানসভাৰ বিশেষ অধিৱেশনৰ বাবে কোকৰাঝাৰ নগৰ সজাই পৰাই তোলা হৈছে। এই অধিৱেশনত ষষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্ত অঞ্চলসমূহৰ প্ৰশাসনীয় ব্যৱস্থাৰ উ...

February 16, 2025 7:32 PM February 16, 2025 7:32 PM

views 13

১৪ এপ্ৰিলৰ পৰা চৰকাৰী অধিসূচনা আৰু নিৰ্দেশনাসমূহ ইংৰাজীৰ লগতে অসমীয়া ভাষাত প্ৰকাশ কৰা হ’ব

অহা ১৪ এপ্ৰিলৰ পৰা চৰকাৰী অধিসূচনা আৰু নিৰ্দেশনাসমূহ ইংৰাজীৰ লগতে অসমীয়া ভাষাত প্ৰকাশ কৰা হ'ব। বৰাক উপত্যকাত এনে কাম-কাজৰ ক্ষেত্ৰত অসমীয়া আৰু ইংৰাজীৰ লগতে বাংলা, আৰু বিটিআৰত অসমীয়া আৰু ইংৰাজীৰ উপৰি বড়ো ভাষা ব্যৱহাৰ কৰা হ'ব। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত আজি দিশপুৰত অনুষ্ঠিত মন্ত...

February 16, 2025 6:56 PM February 16, 2025 6:56 PM

views 9

অসম আন্দোলনৰ অগ্ৰণী নেতা ভূপেন দাসৰ মৃত্যু

চিৰাং জিলাৰ বিজনীৰ বিশিষ্ট সমাজকৰ্মী, ক্রীড়া সংগঠক তথা অসম আন্দোলনৰ অগ্ৰণী নেতা ভূপেন দাসৰ যোৱা নিশা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু হয়। মৃত্যুৰ সময়ত দাসৰ বয়স আছিল ৬০ বছৰ। যকৃৎ ৰোগত আক্ৰান্ত দাসক কিছুদিন পূর্বে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। সদ্য প্রয়া...