February 21, 2025 6:44 PM February 21, 2025 6:44 PM

views 13

দুবাৰকৈ স্থগিত অসম বিধানসভাৰ কাৰ্যক্ৰমণিকা

কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনক দুৰ্বৃত্তই আক্ৰমণ কৰাৰ ঘটনাক লৈ সৃষ্টি হোৱা হুলস্থূলীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আজি অসম বিধানসভাৰ কাৰ্যক্ৰমণিকা দুবাৰকৈ স্থগিত ৰাখিবলগীয়া হয়। পুৱাৰ ভাগত সদন মিলিত হোৱাৰ সময়ত কংগ্ৰেছৰ বিধায়কসকলে এই ঘটনা সন্দৰ্ভত সভা স্থগিত প্ৰস্তাৱ উত্থাপন কৰে। অধ্যক্ষ বিশ্বজিৎ দৈমা...

February 21, 2025 6:27 PM February 21, 2025 6:27 PM

views 6

কৃষি ক্ষেত্রৰ বহুকেইটা সামগ্ৰীৰ ৰপ্তানীৰে আন্তর্জাতিক বজাৰত ভাৰতৰ অভূতপূৰ্ব সফলতা লাভ

প্ৰথমবাৰলৈ বহুকেইটা সামগ্ৰীৰ ৰপ্তানীৰে ভাৰতৰ কৃষি ক্ষেত্রই আন্তর্জাতিক বজাৰত অভূতপূৰ্ব সফলতা লাভ কৰিছে। কৃষি ক্ষেত্ৰত হোৱা এই সম্প্ৰসাৰণে ভাৰতৰ খেতিয়কসকলক সৱল কৰি তোলাৰ লগতে গ্রাম্য অর্থনীতি উন্নত কৰা আৰু আন্তঃৰাষ্ট্ৰীয় মানচিত্ৰত ভাৰতৰ কৃষি কৰ্মক এক সুকীয়া স্থান প্ৰদান কৰিব বুলি আশা কৰা হৈছে। প্ৰ...

February 21, 2025 6:20 PM February 21, 2025 6:20 PM

views 19

অভয় গজানন শ্বিংগে আৰু মংগেশ ৱায়ল নামৰ দুজন লোকক গ্ৰেপ্তাৰ মুম্বাইৰ অপৰাধ শাখাৰ

মুম্বাইৰ অপৰাধ শাখাই আজি পুৱা বুলধানা জিলাৰ দেউলগাঁৱৰাজা অঞ্চলৰ পৰা অভয় গজানন শ্বিংগে আৰু মংগেশ ৱায়ল নামৰ দুজন লোকক গ্ৰেপ্তাৰ কৰিছে। মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্রী একনাথ সিন্দে বাহনত বোমা পেলোৱাৰ ভাবুকি দিয়াৰ গোচৰত লোক দুজনক গ্ৰেপ্তাৰ কৰা হৈছে। লোক দুজনে কালি উপ মুখ্যমন্ত্ৰীগৰাকীৰ কাৰ্যালয়ৰ ই-মেইল ...

February 21, 2025 6:11 PM February 21, 2025 6:11 PM

views 9

শিক্ষাক ৰাজনীতিকৰণ নকৰিবলৈ তামিলনাডুৰ মুখ্যমন্ত্রীক আহ্বান শিক্ষামন্ত্রীৰ

কেন্দ্রীয় শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধানে কয়, যে তামিল ভাষা আৰু সংস্কৃতিক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে নৰেন্দ্ৰ মোডী চৰকাৰ বদ্ধপৰিকৰ। তামিলনাডুৰ মুখ্যমন্ত্রী এম কে স্টেলিনলৈ লিখা এখন পত্ৰত শ্ৰী প্ৰধানে শিক্ষাক ৰাজনীতিকৰণ নকৰিবলৈ আৰু ছাত্ৰ-ছাত্ৰীসকলৰ স্বাৰ্থতে ৰাজনৈতিক ভাবাদর্শ...

February 21, 2025 6:24 PM February 21, 2025 6:24 PM

views 12

সোমবাৰে প্ৰধানমন্ত্রী কিষাণ সম্মান নিধিৰ ঊনবিংশ কিস্তি মুকলি

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অহা সোমবাৰে প্ৰধানমন্ত্রী কিষাণ সম্মান নিধিৰ ঊনবিংশ কিস্তি মুকলি কৰিব। এই আঁচনিৰ অধীনত কৃষিভূমি থকা কৃষকসকলক তিনিটা সমপৰিমাণৰ কিস্তিত প্ৰতিবছৰে ৬ হাজাৰ টকাকৈ প্ৰদান কৰা হয়। নতুন দিল্লীত আজি এখন সংবাদমেল সম্বোধন কৰি কেন্দ্ৰীয় কৃষিমন্ত্রী শিৱৰাজ সিং চৌহানে কয়, যে এই অ...

February 21, 2025 5:53 PM February 21, 2025 5:53 PM

views 4

নতুন দিল্লীৰ ভাৰত মণ্ডপমত আজি ছ’ল লীডাৰশ্বিপ শীৰ্ষ সন্মিলনৰ প্ৰথম সংস্কৰণ মুকলি

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আন্তঃৰাষ্ট্ৰীয় শক্তি কেন্দ্ৰ হিচাপে ভাৰতৰ উত্থান ঘটাৰ পৰিপ্ৰেক্ষিতত প্ৰত্যেকটো খণ্ডতে প্রতিভাবান নেতাৰ প্ৰয়োজনত গুৰুত্ব আৰোপ কৰিছে। তেওঁ কয়, যে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ফেৰ মাৰিবলৈ বিশ্বমানৰ নেতা আৰু আন্তঃৰাষ্ট্ৰীয় নেতৃত্বৰ প্ৰয়োজন। নতুন দিল্লীৰ ভাৰত মণ্ডপমত আজি ছ...

February 21, 2025 12:44 PM February 21, 2025 12:44 PM

views 4

কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনক দুর্বৃত্তৰ আক্রমণৰ ঘটনাক লৈ অসম বিধানসভাত হুলস্থূলীয়া পৰিস্থিতি, দুবাৰকৈ সদন স্থগিত

কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনক দুর্বৃত্তই আক্রমণ কৰাৰ ঘটনাক লৈ সৃষ্টি হোৱা হুলস্থূলীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আজি অসম বিধানসভাৰ কাৰ্যক্ৰমণিকা দুবাৰকৈ স্থগিত ৰাখিবলগীয়া হয়। পুৱা সদন মিলিত হোৱাৰ সময়ত কংগ্ৰেছৰ বিধায়কসকলে এই ঘটনা সন্দৰ্ভত সভা স্থগিত প্ৰস্তাৱ উত্থাপন কৰে। অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে ...

February 21, 2025 12:42 PM February 21, 2025 12:42 PM

views 4

কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনক আক্ৰমণ কৰা ব্যক্তিসকলক চিনাক্ত আৰক্ষীৰ

আৰক্ষীয়ে কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনৰ ওপৰত কালি হোৱা আক্ৰমণত ঘটনাৰ সৈতে জড়িত ব্যক্তিসকলক চিনাক্ত কৰিছে। আক্ৰমণকাৰীসকলৰ ভিতৰত জামতোলাৰ হাৰুণ, ফাকুলিৰ হৰেশ, তামুলিটুপৰ বচীৰ, কাৱৈমাৰীৰ ৰচিদুল, গুণাবাৰীৰ আয়ুব, ৰে'ল ষ্টেচনৰ লুটকৈৰ, ৰৌমাৰীৰ খালেক, কোচগাঁৱৰ জাহাংগীৰ আছে। আৰক্ষীয়ে আইন অনুযায়ী এই অভিযুক...

February 21, 2025 12:25 PM February 21, 2025 12:25 PM

views 8

এক্ট ইষ্ট নীতিৰ জৰিয়তে দক্ষিণ-পূব এছিয়াৰ দেশসমূহৰ লগত সম্পৰ্ক কৌশলগত অংশীদাৰিত্বলৈ উন্নীত কৰিবলৈ ভাৰত সমৰ্থ

এক্ট ইষ্ট নীতিৰ জৰিয়তে ভাৰতে দক্ষিণ-পূব এছিয়াৰ দেশসমূহৰ লগত নিজৰ সম্পৰ্ক কৌশলগত অংশীদাৰিত্বলৈ উন্নীত কৰিবলৈ সমৰ্থ হৈছে। অসম বিধানসভাৰ বাজেট অধিৱেশনৰ কালি তৃতীয় দিনা এই সন্দৰ্ভত উত্থাপিত এটা প্ৰশ্নৰ উত্তৰত বিভাগীয় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কয়, যে এই দেশসমূহৰ সৈতে সংযোগৰ ক্ষেত্ৰত অৰ্থনৈতিক প...

February 21, 2025 12:23 PM February 21, 2025 12:23 PM

views 9

এডভাণ্টেজ আছামত ১ লাখ কোটি টকা বিনিয়োগৰ আশা, বৰ্তমানলৈ ১,৫১২খন বুজাবুজি চুক্তিৰ প্ৰস্তাৱঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

বিনিয়োগ সন্মিলন এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ জৰিয়তে কমেও ১ লাখ কোটি টকা বিনিয়োগৰ আশা কৰা হৈছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি জনতা ভৱনত এখন সংবাদ মেলত এই কথা সদৰি কৰি কয় যে বৰ্তমানলৈকে প্ৰায় এহেজাৰ ৫১২খন বুজাবুজি চুক্তিৰ প্ৰস্তাৱ আহিছে। তেওঁ কয় যে চৰকাৰে এইবাৰ বাস্তৱসন্মত বুজিবু...