March 13, 2025 11:41 AM March 13, 2025 11:41 AM

views 15

দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত জীৱ-জন্তুৰ সংখ্যা বৃদ্ধি পাইছে

■ দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত জীৱ-জন্তুৰ সংখ্যা বৃদ্ধি পোৱা বুলি ৱেলফেয়াৰ ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ সহযোগত বন বিভাগে কৰা জৰীপত প্ৰকাশ পাইছে। এই জৰীপ অনুসৰি ৰাষ্ট্ৰীয় উদ্যানখনত হাতীৰ সংখ্যা পূৰ্বৰ ১৯৬ৰ পৰা ৩৪৮লৈ বৃদ্ধি হৈছে। একেদৰে উদ্যানখনত ৮টাকৈ দুষ্প্রাপ্য বন মেকুৰীৰ অৱস্থিতিৰ কথা গম পোৱা গৈছে...

March 13, 2025 11:37 AM March 13, 2025 11:37 AM

views 4

শ্ৰীশ্ৰী অনিৰুদ্ধ দেৱ ক্রীড়া বিশ্ববিদ্যালয়ৰ কাম ২০২৬ বৰ্ষৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ ৰাজ্যপালৰ নিৰ্দেশ

■ ডিব্ৰুগড় জিলাৰ চাবুৱাত নিৰ্মাণৰত শ্ৰীশ্ৰী অনিৰুদ্ধ দেৱ ক্রীড়া বিশ্ববিদ্যালয়ৰ কাম অহা বছৰৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ ৰাজ্যপাল তথা বিশ্ববিদ্যালয়খনৰ আচাৰ্য লক্ষণ প্রসাদ আচার্যই নির্দেশ দিছে। ৰাজ্যপালগৰাকীয়ে কালি উত্তৰ-পূবৰ প্ৰথমখন ৰাজ্যিক ক্রীড়া বিশ্ববিদ্যালয়ৰ নিৰ্মাণকাৰ্য পৰিদৰ্শন কৰি লেহেমীয়া গ...

March 13, 2025 11:31 AM March 13, 2025 11:31 AM

views 15

গুৱাহাটী প্ৰেছ ক্লাৱৰ উদ্যোগত শনিবাৰে গুৱাহাটীত কৰ্মৰত সাংবাদিকসকলৰ ‘গান্ধাৰীৰ অভিশাপ’ নামৰ ভাওনা পৰিৱেশন

■ গুৱাহাটী প্ৰেছ ক্লাৱৰ উদ্যোগত গুৱাহাটীত কৰ্মৰত সাংবাদিকসকলে অহা ১৫ মার্চ শনিবাৰে গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত শিল্পগ্রাম প্ৰাংগণত সন্ধিয়া ৬ বজাত গান্ধাৰীৰ অভিশাপ নামৰ এখনী ভাওনা পৰিৱেশন কৰিব। গণেশ গগৈৰ শকুনিৰ প্ৰতিশোধৰ আধাৰত মাতৃভাষাত ৰচিত এই ভাওনাখনৰ পৰিকল্পনা ঋতুপৰ্ণ দাসৰ আৰু পৰিচালনা ড০ দীপেন দাস...

March 13, 2025 11:20 AM March 13, 2025 11:20 AM

views 14

পৰম্পৰাগত ৰীতি-নীতিৰে আজিৰে পৰা দৌল উৎসৱ উদযাপনৰ প্ৰস্তুতি

■ ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজিৰে পৰা পৰম্পৰাগত ৰীতি-নীতিৰে দৌল উৎসৱ উদযাপন কৰিবলৈ লোৱা হৈছে। পৰস্পৰক আবিৰৰ ৰং সানি ফাকুৱা উদযাপন কৰিবলৈও সকলো সাজু হৈছে। ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰৰ লগতে ৰাজ্যৰ ঠায়ে ঠায়ে দৌল উৎসৱক কেন্দ্ৰ কৰি উৎসাহ-উদ্দীপনাই বিৰাজ কৰিছে। বৰপেটা সত্ৰত আজি সন্ধিয়া গন্ধযাত্ৰাৰে দৌল মহোৎ...

March 13, 2025 11:13 AM March 13, 2025 11:13 AM

views 12

১৪৭ গৰাকী প্ৰবক্তাৰ নিযুক্তি বাতিলক কেন্দ্ৰ কৰি বুধবাৰে বিধানসভাত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি

■ কাৰিকৰী শিক্ষাৰ সম্প্ৰসাৰণৰ বাবে ৰাজ্য চৰকাৰে ২০১৭ চনত নিযুক্তি দিয়া ৪৫১ গৰাকী ঠিকাভিত্তিক শিক্ষকৰ মাজত ১৪৭ গৰাকী প্ৰবক্তাৰ নিযুক্তি বাতিলক কেন্দ্ৰ কৰি কালি বিধানসভাত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়। এই প্রবক্তাসকলক সম্পূর্ণ যোগ্যতাৰ ভিত্তিত বিভিন্ন কাৰিকৰী প্ৰতিষ্ঠানত অংশকালীন হিচাপে নিযুক্তি দি...

March 13, 2025 11:06 AM March 13, 2025 11:06 AM

views 15

তিনিদিনীয়া ভ্রমণসূচীৰে কাইলৈ অসমত উপস্থিত হ’ব গৃহমন্ত্ৰী অমিত শ্বাহ

● কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহ তিনিদিনীয়া ভ্রমণসূচীৰে কাইলৈ অসমত উপস্থিত হ'ব। অসম ভ্ৰমণকালত শ্ৰীশ্বাহে নিখিল বড়ো ছাত্ৰ সন্থা এবছুৰ বাৰ্ষিক সন্মিলনসহ কেইবাটাও অনুষ্ঠানত অংশগ্ৰহণ কৰিব। শ্ৰী শ্বাহে পৰহিলৈ ডেৰগাঁৱত লাচিত বৰফুকন পুলিচ একাডেমীৰ নৱনিৰ্মিত ভৱন মুকলি কৰিব। পাছত তেওঁ ডেৰগাঁৱৰ পৰা মিজোৰ...

March 13, 2025 11:00 AM March 13, 2025 11:00 AM

views 20

ৰাজ্য চৰকাৰে ৰঙালী বিহুৰ পূৰ্বে প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ নিযুক্তি পত্ৰ বিতৰণ কৰিব

● ৰাজ্য চৰকাৰে ৰঙালী বিহুৰ পূৰ্বে প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ নিযুক্তি পত্ৰ বিতৰণ কৰিব। শিক্ষা সচিব নাৰায়ণ কোঁৱৰ আৰু প্ৰাথমিক শিক্ষা সঞ্চালক সুৰঞ্জনা সেনাপতিৰ উপস্থিতিত প্ৰাথমিক শিক্ষক সন্মিলনীৰ বিষয়ববীয়াসকলৰ সৈতে জনতা ভৱনত কালি এখন বৈঠকত মিলিত হৈ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে এই কথা প্ৰকা...

March 13, 2025 10:52 AM March 13, 2025 10:52 AM

views 16

জৈৱ উৎপাদন ত্বৰান্বিত কৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰৰ সৈতে অসম চৰকাৰৰ বুজাবুজিৰ চুক্তিত স্বাক্ষৰ

■ অসমত জৈৱ প্ৰযুক্তি খণ্ডৰ আন্তঃগাঁথনি উন্নীতকৰণেৰে জৈৱ উৎপাদন ত্বৰান্বিত কৰাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ সৈতে এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। নতুন দিল্লীত কালি কেন্দ্রীয় চৰকাৰৰ জৈৱ প্ৰযুক্তি বিভাগৰ মুখ্য কাৰ্যালয়ত ৰাজ্যৰ মুখ্য সচিব ড° ৰবি কোটা আৰু কেন্দ্ৰীয় জৈৱ প্ৰযুক্তি সচিব...

March 12, 2025 1:46 PM March 12, 2025 1:46 PM

views 4

পাকিস্তানৰ বেলুচিস্তানত জাফৰ এক্সপ্ৰেছ অপহৰণ সন্ত্ৰাসবাদীৰ, ১৫০ৰো অধিক লোকক উদ্ধাৰ, ২৭জন সন্ত্ৰাসবাদী নিহত

পাকিস্তানৰ বেলুচিস্তান প্ৰদেশৰ কচ্চি জিলাৰ পৰা বেলুচ লিবাৰেচন আৰ্মীৰ সদস্যই কালি ৪০০ গৰাকীৰো অধিক যাত্ৰীৰ সৈতে অপহৰণ কৰা ৰে'লগাড়ীখনৰ ডেৰশৰো অধিক পণবন্দীক দেশখনৰ সুৰক্ষা বাহিনীয়ে উদ্ধাৰ কৰিবলৈ সমৰ্থ হৈছে। সুৰক্ষা বাহিনীৰ অভিযানত জাফৰ এক্সপ্ৰেছ নামৰ ৰে'লগাড়ীখনৰ অপহৰণ কাণ্ডৰ সৈতে জড়িত ২৭ জন সন্ত্রাস...

March 12, 2025 1:31 PM March 12, 2025 1:31 PM

views 5

অসম চুক্তিৰ ৬ নম্বৰ দফাৰ সকলো দিশ ৰূপায়ণ কৰিবলৈ অসম চৰকাৰ বদ্ধপৰিকৰঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

অসম চুক্তিৰ ৬ নম্বৰ দফাৰ সকলো দিশ ৰূপায়ণ কৰিবলৈ অসম চৰকাৰ বদ্ধপৰিকৰ আৰু ২০২৪-২৫ বৰ্ষৰ সাধাৰণ বাজেটত এই ক্ষেত্ৰত প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই প্রকাশ কৰিছে। বিধানসভাত কালি ২০২৪-২৫ বৰ্ষৰ সাধাৰণ বাজেটক লৈ হোৱা আলোচনাত ভাগ লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে অসম চুক্তিৰ ...