March 21, 2025 7:54 PM March 21, 2025 7:54 PM

views 13

শ্লীলতাহানিৰ অভিযোগত এন আই টি শিলচৰৰ এগৰাকী অধ্যাপকক নিলম্বন

এন আই টি শিলচৰৰ ইলেকট্রিকেল ইঞ্জিয়াৰিং বিভাগৰ প্ৰথম বৰ্ষৰ এগৰাকী ছাত্ৰীৰ শ্লীলতাহানিৰ অভিযোগত বিভাগটোৰ এগৰাকী অধ্যাপকক নিলম্বন কৰা হৈছে। অভিযোগ অনুসৰি অধ্যাপকগৰাকীয়ে ছাত্ৰীগৰাকীক অনুচিতভাৱে স্পৰ্শ কৰাৰ চেষ্টা চলায় । পাছত ছাত্ৰীগৰাকীয়ে এই কাণ্ডৰ বিষয়ে অন্যান্য ছাত্ৰ-ছাত্ৰীসকলক অৱগত কৰোৱাৰ পাছত ত...

March 21, 2025 7:52 PM March 21, 2025 7:52 PM

views 8

ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰীৰ সচিবালয়ত জিলাখনৰ কৃত্ৰিম বানৰ সমস্যা আৰু ইয়াৰ সমাধান সন্দৰ্ভত গুৰুত্বপূৰ্ণ বৈঠক

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰীৰ সচিবালয়ৰ চৌহদত জিলাখনৰ কৃত্ৰিম বানৰ সমস্যা আৰু ইয়াৰ সমাধান সন্দৰ্ভত এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। বৈঠকত ডিব্ৰুগড় পৌৰসভা, চহৰ আৰু নগৰ পৰিকল্পনা বিভাগকে ধৰি বিভিন্ন বিভাগৰ বিষয়াসকলৰ উপৰি কেবিনেট মন্ত্ৰী প্ৰশান্ত ফুকন উপস্থিত থাকে...

March 21, 2025 7:47 PM March 21, 2025 7:47 PM

views 16

অসম বিধানসভাত আজি হোৱা কথা কটাকটিক লৈ হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি

অসম বিধানসভাত আজি লোকনিৰ্মাণ বিভাগৰ কৰ্তন প্ৰস্তাৱ সন্দৰ্ভত অনুষ্ঠিত আলোচনাৰ সময়ত বিজেপিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী আৰু বিধায়ক অখিল গগৈ আৰু বিধায়ক শ্বেৰমান আলীৰ মাজত হোৱা কথা কটাকটিক লৈ সদনত হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয়। মৰিয়ণিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে বিতৰ্কত ভাগ লৈ পূৰ্বৰ চৰকাৰসমূহৰ তুলন...

March 21, 2025 7:44 PM March 21, 2025 7:44 PM

views 18

ৰাজ্যত কৰ্কট ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধৰ বাবে অহৰহ প্ৰচেষ্টা চলোৱা হৈছে বুলি অসম বিধানসভাত অশোক সিংহলৰ প্ৰকাশ

বিশ্বৰ ভিন ভিন প্ৰান্তৰ লগতে অসমতো কৰ্কট ৰোগৰ প্ৰাদুৰ্ভাৱ দিনক দিনে বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ অধীনৰ অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেচন, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান আৰু টাটা ট্ৰাষ্টৰ সহযোগত এই ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধৰ বাবে অহৰহ প্ৰচেষ্টা চলোৱা হৈছে। বিধানসভাত আজি এইকথ...

March 21, 2025 7:37 PM March 21, 2025 7:37 PM

views 16

অসম বিধানসভাত ৪খন নতুন বিধেয়ক আৰু ১১খন সংশোধনী বিধেয়ককে ধৰি মুঠ ১৫ খন বিধেয়ক উত্থাপন

অসম বিধানসভাত আজি চাৰিখন নতুন বিধেয়ক আৰু এঘাৰখন সংশোধনী বিধেয়ককে ধৰি মুঠ ১৫ খন বিধেয়ক উত্থাপন কৰা হয়। শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে মহাবিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয়লৈ নতুনকৈ উন্নীত কৰা বঙাইগাঁও বিশ্ববিদ্যালয়, গুৰুচৰণ বিশ্ববিদ্যালয়, জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়, নগাঁও বিশ্ববিদ্যালয়, নৰ্থ লখিমপ...

March 21, 2025 6:52 PM March 21, 2025 6:52 PM

views 17

ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ পৰিষদীয় নিৰ্বাচনক লৈ ৰাজনৈতিক দলসমূহৰ মাজত তৎপৰতা বৃদ্ধি

ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ পৰিষদীয় নিৰ্বাচনক লৈ ৰাজনৈতিক দলসমূহৰ মাজত তৎপৰতা বৃদ্ধি পাইছে। অহা ২ এপ্ৰিলত হ'বলগীয়া ৰাভা-হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত ৩৩ টা সমষ্টিত মুঠ ৯৬ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব। নির্বাচন হ'বলগীয়া দুখন জিলা কামৰূপ আৰু গোৱালপাৰাৰ ৩৬টা সমষ্টিৰ বাবে মুঠ ১...

March 21, 2025 6:49 PM March 21, 2025 6:49 PM

views 18

অসম বিধানসভাৰ দ্বাদশ দিনাও শাসক বিৰোধীৰ মাজত বিভিন্ন বিষয় লৈ বিতৰ্ক অনুষ্ঠিত

অসম বিধানসভাত আজি বিৰোধী দলপতি দেৱব্ৰত শ‍ইকীয়াই বিজেপিৰ ৰাজ্যসভাৰ সাংসদ সুধাংশু ত্রিবেদীয়ে কালি ৰাজ্যসভাত ধুবুৰী জিলাক বাংলাদেশৰ অংশ বুলি কৰা মন্তব্যৰ বিৰোধিতা কৰি সাংসদগৰাকীৰ বিৰুদ্ধে এটা ভর্ৎসনা প্ৰস্তাৱ উত্থাপন কৰিবলৈ বিচাৰে। সদনৰ শূন্য কালত বিষয়টো উত্থাপন কৰি বিৰোধী দলপতি শ‍ইকীয়াই কয়, যে ধু...

March 21, 2025 6:47 PM March 21, 2025 6:47 PM

views 3

তামুলপুৰ জিলাৰ অময়াপুৰ তৰুণ সংঘৰ বাকৰিত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা আৰু কৰ্কট ৰোগৰ সজাগতা শিবিৰ অনুষ্ঠিত

তামুলপুৰ জিলাৰ অময়াপুৰ তৰুণ সংঘৰ বাকৰিত আজি ড° ভৱেন্দ্ৰনাথ হাজৰিকা আৰু পুষ্পা হাজৰিকা স্মাৰক ন্যাসৰ উদ্যোগত তথা অময়াপুৰ তৰুণ সংঘৰ সহযোগত এটা বিনামূলীয়া স্বাস্থ্য পৰীক্ষা আৰু কৰ্কট ৰোগৰ সজাগতা শিবিৰ অনুষ্ঠিত হয়। বিটিচিৰ দৰঙাজুলি পৰিষদীয় সমষ্টিৰ পাৰিষদ বিজিত গৌড়া নাৰ্জাৰীয়ে স্বাস্থ্য শিবিৰটো আন...

March 21, 2025 6:46 PM March 21, 2025 6:46 PM

views 3

ৰাজ্যসভাত আজি ন্যায়াধীশ যশৱন্ত বাৰ্মাৰ ঘৰত বৃহৎ পৰিমাণৰ নগদ ধন উদ্ধাৰ হোৱা বিষয়টো উত্থাপন

ৰাজ্যসভাত আজি দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ যশৱন্ত বাৰ্মাৰ ঘৰত বৃহৎ পৰিমাণৰ নগদ ধন উদ্ধাৰ হোৱা বিষয়টো উত্থাপন কৰা হয়। সভাপতি জগদীপ ধনখড়ে এই বিষয়টোৰ দায়িত্ব গ্ৰহণ কৰি কয়, যে সদনৰ নেতা আৰু বিৰোধী দলৰ নেতাৰ সৈতে তেওঁ আলোচনা কৰি অধিৱেশনৰ সময়ছোৱাতে বিষয়টো সন্দৰ্ভত বিস্তৃত পর্যালোচনা চলাব। ইয...

March 21, 2025 6:44 PM March 21, 2025 6:44 PM

views 7

অমৃত পাল সিঙৰ সাতজন সহযোগীক আজি পঞ্জাৱৰ অমৃতসৰৰ আজনালা আদালতত হাজিৰ

খালিস্তানী নেতা তথা সাংসদ অমৃত পাল সিঙৰ সাতজন সহযোগীক আজি আৰক্ষীৰ কটকটীয়া বেষ্টনীৰ মাজত পঞ্জাৱৰ অমৃতসৰৰ আজনালা আদালতত হাজিৰ কৰোৱা হয়। আদালতে তেওঁলোকক ২৫ মাৰ্চলৈ আৰক্ষীৰ জিম্মাত দিয়ে। অমৃত পাল সিঙকে ধৰি এই সাতজন সহযোগী ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত অসমৰ ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ আছ...