March 22, 2025 11:55 AM March 22, 2025 11:55 AM

views 4

অহা ১ জুলাইৰ পৰা গুৱাহাটী মহানগৰীৰ জল বোর্ডে সামৰি লোৱা অঞ্চলসমূহত গুৱাহাটী পৌৰ নিগমৰ পানী যোগান বন্ধ

গুৱাহাটী মহানগৰীৰ জল বোর্ডে সামৰি লোৱা অঞ্চলসমূহত অহা ১ জুলাইৰ পৰা গুৱাহাটী পৌৰ নিগমে পানী যোগান বন্ধ কৰিব। গুৱাহাটী পৌৰ নিগমৰ আয়ুক্তই এখন জাননী যোগে এই কথা প্ৰকাশ কৰিছে। সেই অনুসৰি জল বোৰ্ডৰ অধীনত পানী সংযোগৰ বাবে পৌৰ নিগমৰ ৰেচন কার্ড থকা গ্রাহকসকলে ৩০ দিনৰ ভিতৰত আবেদন কৰিলে তেওঁলোকৰ বাবে পানী সংয...

March 22, 2025 11:51 AM March 22, 2025 11:51 AM

views 6

আকাশবাণীৰ দৃষ্টিপাত অনুষ্ঠানত আজি পৰিবেশ প্ৰদূষণ – নতুন ভাবুকি শীর্ষক বিশেষ আলোচনা প্ৰচাৰ

আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে আজি নিশা ৮ বাজি ২ মিনিটত ইয়াৰ দৃষ্টিপাতত পৰিবেশ প্ৰদূষণ - নতুন ভাবুকি শীর্ষক এটা বিশেষ আলোচনা প্ৰচাৰ কৰিব। বাতৰি বিভাগৰ জ্যেষ্ঠ পৰিবেশিকা অৰুণিমা গোস্বামীয়ে আঁত ধৰিবলগীয়া এই অনুষ্ঠানত মেডিচিন বিভাগৰ বিশিষ্টা চিকিৎসক ডাঃ ৰুণজুন টেৰণপী আৰু পৰিবেশ কর্মী মুবিনা...

March 22, 2025 11:49 AM March 22, 2025 11:49 AM

views 9

আই পি এল ক্রিকেট প্রতিযোগিতাৰ অষ্টাদশ সংস্কৰণ আজি আৰম্ভ

ইণ্ডিয়ান প্রীমিয়াৰ লীগ ক্রিকেট প্রতিযোগিতাৰ অষ্টাদশ সংস্কৰণ আজি আৰম্ভ হ'ব। কলকাতাৰ ইডেন গার্ডেনছ ষ্টেডিয়ামত আজি সন্ধিয়া উদ্বোধনী খেলখন যোৱাবাৰৰ বিজয়ী কলকাতা নাইট ৰাইডাৰ্ছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ মাজত খেলোৱা হ'ব। খেলখন সন্ধিয়া চাৰে ৭ বজাত আৰম্ভ হ'ব। আজিৰ উদ্বোধনী অনুষ্ঠানত প্ৰসিদ্ধ গায...

March 21, 2025 8:40 PM March 21, 2025 8:40 PM

views 11

চৰকাৰে গোলকীয় দক্ষিণ আৰু উত্তৰৰ ৩০খনতকৈও অধিক দেশৰ সৈতে কৌশলগত অংশীদাৰিত্ব শক্তিশালী কৰিছে – পৱিত্ৰ মাৰ্ঘেৰিটা

চৰকাৰে গোলকীয় দক্ষিণ আৰু উত্তৰৰ ৩০খনতকৈও অধিক দেশৰ সৈতে কৌশলগত অংশীদাৰিত্ব শক্তিশালী কৰিছে। ৰাজ্যসভাত লিখিত উত্তৰত বৈদেশিক পৰিক্ৰমা ৰাজ্যমন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাই কয় যে শক্তিশালী দ্বিপাক্ষিক অংশীদাৰিত্বৰ উপৰিও চৰকাৰে আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতা শক্তিশালী কৰিবলৈ বিভিন্ন বৈদেশিক নীতি গ্রহণ...

March 21, 2025 8:38 PM March 21, 2025 8:38 PM

views 6

দেশত প্ৰায় ১০ হাজাৰ জৈৱ প্ৰযুক্তি ষ্টার্টআপৰ প্রায় ১৬৫ বিলিয়ন ডলাৰৰ জৈৱ অৰ্থব্যৱস্থালৈ বৰঙণি – ড° জিতেন্দ্ৰ সিঙ

 দেশত প্ৰায় ১০ হাজাৰ জৈৱ প্ৰযুক্তি ষ্টার্টআপে প্রায় ১৬৫ বিলিয়ন ডলাৰৰ জৈৱ অৰ্থব্যৱস্থালৈ বৰঙণি আগবঢ়াইছে। কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি ৰাজ্যমন্ত্ৰী ড° জিতেন্দ্ৰ সিঙে আজি এই কথা প্রকাশ কৰে। এয়োদশ জৈৱ প্ৰযুক্তি ঔদ্যোগিক গৱেষণা সহায়ক পৰিষদ, বি আই আৰ এ চিৰ প্ৰতিষ্ঠা দিৱসত অংশগ্ৰহণ কৰি ড° সিঙে কয...

March 21, 2025 8:35 PM March 21, 2025 8:35 PM

views 15

সন্ত্ৰাসবাদৰ বিৰুদ্ধে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰৰ শূন্য সহনশীলতাৰ নীতি গ্রহণ : অমিত শ্বাহ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰে সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ নীতি গ্রহণ কৰিছে। পূৰ্বৰ এন ডি এ চৰকাৰৰ শাসন কালৰ তুলনাত জম্মু-কাশ্মীৰত বৰ্তমান সন্ত্রাসবাদী কাৰ্যকলাপৰ ফলত মৃত্যুৰ সংখ্যা ৭০ শতাংশ কম হৈছে। ৰাজ্যসভাত হোৱা এটা আলোচনাত আজি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে এই কথা প্...

March 21, 2025 8:03 PM March 21, 2025 8:03 PM

views 17

হোজাইৰ কাকী ডিমৰু পথাৰ সমন্বয় ক্ষেত্ৰত ডিমৰু মহোৎসৱ আৰম্ভ

হোজাইৰ কাকী ডিমৰু পথাৰ সমন্বয় ক্ষেত্ৰত আজি ডিমৰু মহোৎসৱ আৰম্ভ হৈছে। ডিমৰু অঞ্চলৰ জনগোষ্ঠীসমূহৰ কলা-সংস্কৃতিৰ প্ৰদৰ্শনেৰে আৰম্ভ হোৱা ডিমৰু মহোৎসৱৰ প্ৰথম দিনাৰ কাৰ্যসূচীত মূল তোৰণ আৰু বাণিজ্য মেলাৰ দ্বাৰ মুকলি কৰা হয়। কাকী বনাঞ্চলত ২৩ টা জাতি-জনগোষ্ঠী সমন্বয়ত তিনিদিনীয়াকৈ অনুষ্ঠিত ডিমৰু মহোৎসৱত কৃ...

March 21, 2025 8:01 PM March 21, 2025 8:01 PM

views 4

মণিপুৰৰ উগ্ৰপন্থী সংগঠন কাংলেইপাক কমিউনিষ্ট সংগঠনৰ দুজন সদস্যক আটক গুৱাহাটী আৰক্ষীৰ

গুৱাহাটী মহানগৰ আৰক্ষীয়ে যোৱা নিশা অভিযান চলাই মণিপুৰৰ উগ্ৰপন্থী সংগঠন কাংলেইপাক কমিউনিষ্ট সংগঠনৰ দুজন সদস্যক আটক কৰে। আৰক্ষীয়ে মহানগৰৰ আই এছ বি টিৰ পৰা সংগঠনটোৰ জ্যেষ্ঠ কামাণ্ডাৰ টেকছা ইবমছা সিং আৰু মাৰণা সংগ্রাহক মেইচনাম বংগুচৌবা সিঙক আটক কৰে। উগ্ৰপন্থী গোটটোৰ সদস্য দুজন মণিপুৰত ধন দাবী আৰু অস্ত...

March 21, 2025 7:59 PM March 21, 2025 7:59 PM

views 9

তিৱা সাহিত্য সভাৰ ত্ৰয়োদশ সংখ্যক ত্রি-বার্ষিক কেন্দ্রীয় অধিৱেশন আৰম্ভ

তিৱা সাহিত্য সভাৰ ত্ৰয়োদশ সংখ্যক ত্রি-বার্ষিক কেন্দ্রীয় অধিৱেশন আজি তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ঔজাৰীৰ স্বৰ্গীয় জেমন চন্দ্ৰ বৰদলৈ ক্ষেত্ৰত আৰম্ভ হৈছে। আজি পুৱাৰ ভাগত তিৱাসকলৰ ঐতিহ্যমণ্ডিত গোভা ৰজা দীপসিং দেওৰজাই অধিৱেশনস্থলীৰ মূল দ্বাৰ উন্মোচন কৰে। তিৱা স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী...

March 21, 2025 7:56 PM March 21, 2025 7:56 PM

views 7

যোৰহাট জিলাআয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আজি জিলা আয়ুক্তৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত

যোৰহাট জিলাআয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আজি জিলা আয়ুক্তৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত হয়। সভাত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই জিলাখনৰ বিশিষ্ট নাগৰিকসকললৈ প্ৰেৰণ কৰা বিহু শুভেচ্ছা বিতৰণ সন্দৰ্ভত আৰু সমাগত পঞ্চায়ত নিৰ্বাচনৰ বিভিন্ন দিশ সম্পর্কে বিতংভাৱে আলোচনা কৰা হয়। সভাত জিলাখনৰ বিভিন্ন বিভাগ...